অসম

কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ উৎফুল্লিত কংগ্ৰেছ

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ কৃষ্ণাইত পঞ্চায়ত নিৰ্বাচনক লৈ আনন্দৰ বন্যা বৈছে কংগ্ৰেছত৷ কৃষ্ণাই জিলা পৰিষদৰ সদস্য পদৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা বেগমে ১৬,৮৯৪ টা ভোট লাভ কৰি বিজয়ী হয়৷

কৃষ্ণাই জিলা পৰিষদৰ অন্তৰ্গত ৬ খন পঞ্চায়তৰ ভিতৰত কৃষ্ণাই গাওঁ পঞ্চায়ত, মোলানডুবি গাওঁ পঞ্চায়ত, মেছেলখোৱা গাওঁ পঞ্চায়ত কংগ্ৰেছৰ দখলৰ বিপৰীতে শালপাৰা-ডিৰ্মাজাখিলি গাওঁ পঞ্চায়ত, জিৰা গাওঁ পঞ্চায়ত আৰু লেলা গাওঁ পঞ্চায়ত বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিয়ে লাভ কৰে৷

উল্লেখ্য যে, কৃষ্ণাই জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ প্ৰাৰ্থী ববিতা বেগমৰ জয়ে কৃষ্ণাইত কংগ্ৰেছৰ কৰ্মীসকলক উৎসাহিত কৰি তুলিছে। এইবাৰ গোৱালপাৰাত ১৬ জিলা পৰিষদৰ অধিকাংশই কংগ্ৰেছে লাভ কৰিছে।