অসম

ট্ৰেংকুলাইজাৰত অতি মাত্ৰা ঔষধ ব্যৱহাৰৰ বাবেই মৃত্যু হৈছে কৃষ্ণৰঃ বিভিন্ন সংগঠনৰ দাবী…VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ওৰাংঃ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসাধীন হৈ থকা কৃষ্ণ নামৰ হাতীটোৰ দেওবাৰে পুৱতি নিশা মৃত্যু হয়। গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰশিক্ষণৰ বাবে যোৱা ১২ নৱেম্বৰত স্থানান্তৰ কৰা হৈছিল কৃষ্ণক।

কৃষ্ণ নামৰ হাতীটোৰ মৃত্যু হোৱা ঘটনাক অৰণ্য সুৰক্ষা সমিতিয়ে বনবিভাগৰ লোকে গাফিলতি কৰাৰ অভিযোগ তোলাৰ লগতে ট্ৰেংকুলাইজাৰত অতিমাত্ৰা ঔষধৰ ব্যৱহাৰ কৰাৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। কৃষ্ণৰ মৃত্যুৰ ঘটনাৰ তদন্তও দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিয়ে। সংগঠনটোৰ মতে, বন বিভাগে ভুল তথ্য প্ৰদান কৰি হাতীটোৰ আগৰে পৰাই অসুস্থ হৈ থকা বুলি ভুৱা প্ৰচাৰ চলোৱাৰো অভিযোগ তুলিছে।

এইক্ষেত্ৰত ৰাজ্যৰ বাহিৰৰ পশু চিকিৎসকৰ হতুৱাই কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনাইছে অৰণ্য সুৰক্ষা সমিতিয়ে। আনহাতে কৃষ্ণৰ মৃত্যুক লৈ হতভম্ব আৰু মৰ্মাহত বিধায়ক পদ্ম হাজৰিকাও। নিজৰ এটা ফেচবুক পোষ্টত তেওঁৰ শেহতীয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ উপৰিও সংবাদ মাধ্যমৰ আগতো আক্ষেপ প্ৰকাশ কৰি কৃষ্ণৰ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে প্ৰকৃত ৰহস্য উদঘাটন হ'ব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। স্মৰ্তব্য যে, শুকুৰবাৰে নিজ হাতেৰে ওৰাঙত সুস্থ অৱস্থাত থকা কৃষ্ণক ৰঙালাওঁ, ঔটেঙা আদি খোৱাই অহাৰ পিছত শনিবাৰেও বিধায়কগৰাকীয়ে বন্দী হাতীটোৱে পানী খাই থকাৰ এক ভিডিঅ' ফুটেজ নিজৰ ফেচবুক পোষ্টত দিছিল। এনেদৰে সুস্থ অৱস্থাত খোৱাবোৱা কৰি থকা হাতীটো দেওবাৰৰ পুৱতি নিশা হঠাতে মৃত্যুৰ মুখত পৰা ঘটনা অতি স্বাভাৱিক ভাৱেই তুমূল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ উপযুক্ত তদন্তও দাবী কৰিছে বিভিন্ন ব্যক্ত তথা সংগঠনে।

অৰণ্য সুৰক্ষা সমিতিৰ সভাপতি দিলীপ নাথে হাতীটোক যিধৰণে চিকিৎসা প্ৰদান কৰিব লাগিছিল তেনে ধৰণৰ চিকিৎসা প্ৰদান কৰা হোৱা নাছিল বুলি অভিযোগ কৰাৰ লগতে বয়স উকলি যোৱাৰ পাছতো হাতীটোক প্ৰশিক্ষণৰ নামত কৰা অত্যাচাৰৰ ফলতে কৃষ্ণৰ মৃত্যু হ'ব পাৰে বুলি সন্দেহ ব্যক্ত কৰিছে।

সংবাদ মাধ্যমক বন বিভাগৰ লোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, পি চি চি এফ (বণ্য প্ৰাণী)ৰ তত্বাৱধানত চিকিৎসকৰ বৃহৎ দল এটাই কৃষ্ণৰ চিকিৎসা কৰি থকা অৱস্থাতে দেওবাৰে পুৱতি নিশা কৃষ্ণ নামৰ হাতীটোৱে অকাল মৃত্যুক সাবটি লয়।