অসম

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত দক্ষিণপাটত কুকুৰা গাঁও উন্মোচন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত আজি দক্ষিণপাটত কুকুৰা গাঁও উন্মোচন কৰা হয়। ৪০ গৰাকী কৃষকক এই কাৰ্য্যসূচীত সামৰি লোৱা হয়। উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত অনুসূচিত জাতিৰ কৃষক সকলক প্ৰায় ৯০০ বি ভি ৩৮০ জাতৰ কুকুৰা পোৱালি বিতৰণ কৰা হব। আজি প্ৰথম পৰ্য্যায়ৰ বিতৰণীত প্ৰায় ৩০০টা কুকুৰা পোৱালি বিতৰণ কৰা হয় ।

দ্বিতীয় পৰ্য্যায়ত প্ৰায় ৬০০টা পোৱালি বিতৰণ কৰা হব।আজি কুকুৰা গাঁও উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই উন্নত জাতৰ কুকুৰা পালনৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ বাবে কৃষক ৰাইজক আহ্বান জনায় । কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশুবিজ্ঞান বিশেষজ্ঞ ড০ অনিমেষ ডেকাই বি ভি ৩৮০ জাতটোৰ বিষয়ে বিতংভাৱে কৃষক সকলক অৱগত কৰে।