অসম

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত শেনচোৱাত সৰিয়হৰ আগশাৰীৰ প্ৰদৰ্শনমূলক খেতিত পথাৰ দিৱস উদযাপন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত নগাঁৱৰ শেনচোৱাৰ সমূহীয়া ভিত্তিত সৰিয়হৰ আগশাৰীৰ প্ৰদৰ্শনমূলক খেতিত পথাৰ দিৱস উদযাপন কৰা হয়।

নগাঁৱৰ শেনচোৱাৰ মটকগাঁও আৰু বালিগাঁৱৰ কলঙৰ পাৰৰ ১২০ বিঘা বিস্তৃত ভূমিত যোৱা অক্টোবৰ মাহৰ শেহৰ ফালে আৰম্ভ কৰা টি এছ ৩৬ প্ৰজাতিৰ সৰিয়হ খেতিৰ প্ৰাকৃতিক পৰিবেশত শুকুৰবাৰে অনুষ্ঠিত পথাৰ দিৱসত উপস্থিত থাকি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই "কৃষি পথাৰত কৃষকৰ দক্ষতা বিকাশ লাভ হলে কৃষক স্বনিৰ্ভৰশীল হোৱাৰ লগতে উৎপাদন বৃদ্ধি হয়।" বুলি ভাষন প্ৰদান কৰে।

লগতে তেওঁ কৃষক সকলক কৃষি বিজ্ঞান কেন্দ্ৰলৈ আহি বিভিন্ন কাৰিকৰী আৰু দিহা পৰামৰ্শ সমূহ গ্ৰহন কৰি আয় দুগুণ কৰিবলৈ যত্নপৰ হ'বলৈ আহ্বান জনায়। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সামূহিক বিজ্ঞান বিশেষজ্ঞ আচফিকা ইছলামে আঁত ধৰা অনুষ্ঠানটিত আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মূখ্য বিজ্ঞানী ড০ পুটুল চন্দ্ৰ শৰ্মাই প্ৰযুক্তি বিদ্যাৰ সহায়ত কৰা কৰা টি এছ ৩৬ প্ৰজাতিৰ এই সৰিয়হ বিধ পৰ পৰাগ সংযোজিত শষ্য হোৱাৰ বাবে পথাৰৰ কাষত মৌ খেতি কৰিও কৃষক সকল স্বাৱলম্বী হব পাৰে বুলি মন্তব্য প্ৰদান কৰে।

মহকুমা কৃষি বিষয়া (উদ্যান শস্য বিভাগ) নিখিল নাৰায়ন বৰুৱা, শেনচোৱাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য নৱজ্যোতি বৰকাকতী, প্ৰগতিশীল কৃষক তপন বৰুৱা, তৰুন বৰা, পলাশ প্ৰকাশ শইকীয়াই ভাষন প্ৰদান কৰা অনুষ্ঠানটিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পাম পৰিচালক নয়ন জ্যোতি বৰদলৈ, শেনচোৱা বালিগাঁও, মটকগাঁও আৰু হালধিআটী গাঁৱৰ পাঁচ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে।