অসম

কৃষ্ণাইত বিজেপিৰ সম্বৰ্ধনা অনুষ্ঠান

asomiyapratidin

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাই বিজেপি মণ্ডল কাৰ্যালয়ত সোমবাৰে পঞ্চায়ত নিৰ্বাচনত বিজয়ী হোৱা প্ৰাৰ্থীসকলক আনুষ্ঠানিক (দলীয়) ভাৱে সম্বৰ্ধনা জনোৱা হয়৷ কৃষ্ণাই বিজেপি মণ্ডল সমিতিৰ সভাপতি পৰিমল সাহাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত বদাহাপুৰ জিলা পৰিষদৰ সদস্যা ৰূপালী ৰাভা, ধাইগাঁও অাঞ্চলিক পঞ্চায়তৰ সদস্য আৰতি বসুমতাৰী, শালপাৰা-ডিৰ্মা জাখিলি আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰহ্লাদ ৰাভা, টুকুৰা-বৰমোহৰা অাঞ্চলিক পঞ্চায়তৰ সদস্য নেহেমিয়া মাৰাক, জিৰা আঞ্চলিক পঞ্চায়তৰ সদস্য ইজিয়া মাৰাকক সম্বৰ্ধনা জনোৱা হয়৷

তদুপৰি পঞ্চায়তৰ ৱাৰ্ড সদস্য ক্ৰমে ৰাকেশ ৰায়, বনলতা সূত্ৰধৰ, বিনাপানী সৰকাৰ, বানু চাংমা, স্বপ্না বৰুৱা, মৃদুলা স্বৰ্গিয়াৰী, মিলন ৰাভা, শংকৰ ৰাভা, সুনন্দা ৰাভা, বৰ্ণালী সূত্ৰধৰ, পঞ্চমী ৰাভা, প্ৰমিলা ৰায়, ব্ৰিন্টলিনা মাৰাক আদি পঞ্চায়তৰ বিজয়ী সদস্যসকলকো দলীয়ভাৱে সম্বৰ্ধনা জনোৱা হয়৷

সম্বৰ্ধনা অনুষ্ঠানত দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, জিলা বিজেপিৰ সম্পাদক বশিষ্ঠ চেৰাং, নিৰ্বাচনী প্ৰচাৰৰ দায়িত্বত থকা প্ৰভাৰী নিভাষ পাল, কৃষ্ণাই মণ্ডল সমিতিৰ সম্পাদক ধৰ্ম নাৰায়ণ ৰাজবংশীৰ লগতে শতাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ উল্লেখ্য সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰাকক্ষণত দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ৰুণজুন ৰাভা আৰু চেনেহী ৰাভাই আনুষ্ঠানিক ভাৱে বিজেপি দলক যোগদান কৰে৷