অসম

সকলো ঠিকে আছিল, হঠাৎ কি হ’ল কৃষ্ণৰ? চাওক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ হঠাৎ ওৰাঙত কৃষ্ণ ওৰফে লাডেন নামৰ বনৰীয়া হাতীটোক মৃত্যুক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাঙৰ প্ৰশিক্ষণ শিবিৰলৈ স্থানান্তৰ কৰা বনৰীয়া হাতীটোৱে স্বাভাৱিকভাৱেই আহাৰ গ্ৰহণ কৰিছিল। আনকি বিধায়ক পদ্ম হাজৰিকাও গৈ হাতীটোৰ স্বাস্থ্যৰ বুজ লৈছিলগৈ।

কি পৰিস্থিতি হাতীটোৰ মৃত্যু হল সেই সন্দৰ্ভত বন বিভাগে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই। অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণে বন বিভাগৰ এক উচ্চস্তৰীয় সূত্ৰৰ সৈতে যোগাযোদ কৰাত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ অন্ততহে এই বিষয়ে সবিশেষ জানিব পৰা যাব বুলি মন্তব্য কৰে।

ইফালে এই হাতীটোৰ কেনেকৈ মৃত্যু হল সেই সন্দৰ্ভত উচ্চস্তৰীয় তদন্তৰ দাবী কৰিছে বিভিন্ন প্ৰকৃতি সংগঠনে। ওৰাঙৰ প্ৰশিক্ষণ কেন্দ্ৰত হাতীটোৱে খাদ্য আৰু পানী গ্ৰহণ কৰা এটা ভিডিঅ অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ হাতত আহি পৰিছে। যত দেখা গৈছে হাতীটোৱে আনন্দমনেৰে পানী খাইছে।