অসম

কয়াকুছিত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহ উপলক্ষে পাকাবেতবাৰী চিডিপিঅ’ কাৰ্যালয়ত সজাগতা শোভাযাত্ৰা, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, চেঙাঃ ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা আঁচনি সফলতাৰে সম্পন্ন কৰাৰ প্ৰয়াস অনুসৰি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ নিৰ্দেশ মৰ্মে কয়াকুছিস্থিত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত মঙলবাৰে শোভাযাত্ৰা আৰু সুষম খাদ্য প্ৰদৰ্শনীৰ আয়োজন কৰে। ২ ডিচেম্বৰৰ পৰা ৮ ডিচেম্বৰলৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা সপ্তাহ উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ ভিতৰত মংগলবাৰে দ্বিতীয় দিনত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ নিয়মানুসৰি অঙ্গনৱাদী কেন্দ্ৰত পঞ্জীয়নৰ পিছত এগৰাকী গৰ্ভৱতী মাতৃয়ে প্ৰথম, দ্বিতীয় আৰু তৃতীয় কিস্তি ক্ৰমে এক হাজাৰ, দুই হাজাৰ আৰু দুই হাজাৰ মুঠ পাঁচ হাজাৰ টকা পোৱা আৰু তাক সঠিক প্ৰয়োগৰ বাবে সজাগতাৰ লগতে সুস্থ শিশু জন্মৰে সুস্থ্য সমাজ গঢ়াৰ বাবে এই সজাগতা শোভাযাত্ৰা আৰু সুষম খাদ্য প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে কয়াকুছিস্থিত পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পত।

পুৱা হাতে হাতে বিভিন্ন শ্লোগান সম্বলিত প্লেকাৰ্ড লৈ উদ্যোক্তাসকলৰ সৈতে অংগনৱাদী কৰ্মী আৰু সহায়িকা লগতে মুখ্য সেৱিকাসকলে কয়াকুছি বজাৰলৈকে এই শোভাযাত্ৰা উলিয়ায়। উক্ত কাৰ্যসূচীত বৰপেটা জিলাৰ সহকাৰী উপায়ুক্ত তথা পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ ভাৰপ্ৰাপ্ত বিষয়া মৌচুম প্ৰতীম নাথ, পৰিসংখ্যা সহায়ক মীৰ হুছেইন, মুখ্য সেৱিকা দুলুমনি দাস, অন্যান্য মুখ্য সেৱিকা অনুভা দাস, মামনি নাথ, ৰূপালী চৌধুৰী, প্ৰতিভা চৌধুৰী, সংগীতা দাস আৰু অন্যান্য কৰ্মচাৰী উপস্থিত থাকি শোভাবৰ্দ্ধন কৰে।