অসম

গোলাঘাটত আৰক্ষীৰ গুলীত নিহত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী

asomiyapratidin

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ গণকপুখুৰীৰ হাবিয়াল গাওঁত জ্ঞানেন্দ্ৰ ৰাজখোৱা নামৰ এজন ব্যক্তিক গোলাঘাট আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পাছত সমগ্ৰ গোলাঘাট জিলাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

সদৌ কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱে গোলাঘাট প্ৰেছ ক্লাবত এক সংবাদ মেল যোগে ডিএছপি পাৰ্থ প্ৰতিম শইকীয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰি নিৰপেক্ষ তদন্ত আৰম্ভ কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনায়৷

সংগঠনটোৱে অৱসৰ প্ৰাপ্ত ন্যায়ধীশৰ যোগেদি ন্যায়িক তদন্তৰ ব্যৱস্থা কৰিবলৈকো দাবী উত্থাপন কৰে৷ মৃত জ্ঞানেন্দ্ৰ ৰাজখোৱাৰ পৰিয়ালক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ক্ষতিপূৰণ আদায় দিবলৈকো দাবী জনায়।