koliabor
koliabor 
অসম

আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱৰ সফল সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, কলিয়াবৰ : কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩০ নৱেম্বৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হীৰক জয়ন্তী উৎসৱৰ শুকুৰবাৰে সামৰণি পৰে। প্ৰথম দিনা পুৱা ৯ বজাত জিতেন্দ্ৰ চন্দ্ৰ বনিক আৰু সুধাৰানী বনিকৰ স্মৃতিত পুত্ৰ প্ৰাণকৃষ্ণ বনিকে আগবঢ়োৱা বিদ্যালয়ৰ নৱ নিৰ্মিত তোৰণ উন্মোচন কৰে গুৱাহাটী বেংগলী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মঞ্জুৰাণী বনিকে।

পুৱা ৯-৩০ বজাত হীৰক জয়ন্তী উৎসৱ উপলক্ষ্যে ৭০ খন পতাকা উত্তোলন কৰা হয়। অনুষ্ঠানত মুখ্য উত্তোলক হিচাপে অংশ লয় স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। ইয়াৰ পাছতে শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আৰু মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্য অতিথি, প্ৰাক্তন ছাত্ৰ নেতা মনি মাধৱ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰদান কৰে।

অনুষ্ঠানত হীৰক জয়ন্তী উৎসৱ উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে। বিদ্যালয়ৰ আলোচনী উন্মোচন কৰে বিশিষ্ট লেখক নবীন বৰঠাকুৰে। সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ পাছতে ছাত্র-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয়।

দ্বিতীয় দিনা পুৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হয়। সন্মিলন উদ্বোধন কৰে লাওখোৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গ্ৰন্থম শইকীয়াই। সন্ধিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে। অনুষ্ঠানত সমীৰণ জ্যোতি হাজৰিকাৰ পৰিচালনাত প্ৰদৰ্শন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত অংকীয়া নাট "পাৰিজাত হৰণ"।

ইফালে আজি তৃতীয় অৰ্থাৎ অন্তিম দিনাৰ কাৰ্যসূচী হিচাপে পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰূপহী মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ নাথে। বিয়লি উদযাপন সমিতিৰ সভাপতি বাদল চক্ৰৱৰ্তীৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুয়ে বিশিষ্ট অতিথি হিচাপে ভাষণ দি ছাত্ৰ সমাজক প্ৰতিযোগিতাৰ মনোভাৱেৰে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আহ্বান জনায়।

সভাত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইও মন্তব্য আগবঢ়ায়। ইয়াৰ পিছতে নিশাৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে দ্বীপ জ্যোতি মহন্তই। বিশিষ্ট কণ্ঠ শিল্পী নীল আকাশ আৰু জিনা ৰাজকুমাৰীৰ সংগীতানুষ্ঠানেৰে উৎসৱৰ সামৰণি পেলোৱা হয়। উল্লেখ্য যে, ১৯৫৩ চনতে প্ৰতিষ্ঠা লাভ কৰা আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই ৭০ বছৰীয়া পৰিক্ৰমাত কোনো জয়ন্তী উৎসৱ অনুষ্ঠিত হোৱা নাছিল।