অসম

কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি- শিক্ষাবিদ অৰবিন্দ বৰগোহাঞিৰ পৰলোকপ্ৰাপ্তি

asomiyapratidin

ডিজিটেল সংবিদ, কলিয়াবৰ: কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কলিয়াবৰ জিলা বৈদিক সমাজৰ বৰ্তমানৰ সভাপতি, অসম আন্দোলনৰ অগ্ৰণী নেতা, বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অৰবিন্দ বৰগোহাঞিৰ বুধবাৰে প্ৰায় ১২:৪৫ বজাত গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৬৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱনৰ পাতনি মেলি সমাজত সেৱা আগবঢ়োৱাৰ উপৰিও কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ধৰ্মীয় আদি বিভিন্ন ক্ষেত্ৰত জড়িত থাকি সমাজত সেৱা আগবঢ়ায়।

সাহিত্য একাডেমি বঁটা প্ৰাপক তথা প্ৰয়াত বিশিষ্ট সাংবাদিক,বুদ্ধিজীবি যতীন্দ্ৰ নাথ বৰগোহাঞিৰ ভাতৃ বিশিষ্ট সমাজকৰ্মী অৰবিন্দ বৰগোহাঞিয়ে অসম আন্দোলনৰ সময়ত কলিয়াবৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ উপৰিও কলিয়াবৰ শাখা সাহিত্য সভাৰ ১৯৮১- ৮৩ বৰ্ষত সম্পাদক আৰু ২০১৮-২০ বৰ্ষত সভাপতি, কলিয়াবৰত চিত্ৰ কলা বিদ্যাৰ বিকাশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি ১৯৮৫ চনত প্ৰতিষ্ঠা কৰা ৰংগম চিত্ৰাংকন বিদ্যালয়ৰ বৰ্তমানলৈকে গুৰি ধৰোঁতা , কলিয়াবৰ প্ৰেছ ক্লাবৰ নিৰ্মাণ সমিতিৰ প্ৰাক্তন সভাপতি তথা সন্মানীয় সদস্য, ২০১৫ বৰ্ষৰ অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশনৰ উদযাপন সমিতিৰ উপ সভাপতি, জখলাবন্ধাস্থিত কলংমুখ বিদ্যাপীঠৰ প্ৰতিষ্ঠাপক বিষয়ববীয়া, কলিয়াবৰ জিলা বৈদিক সমাজৰ বৰ্তমানৰ সভাপতি, জখলাবন্ধাস্থিত শ্ৰীশ্ৰী আচিনাই থান পৰিচালনা সমিতিৰ সভাপতিৰ লগতে কলিয়াবৰৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ধৰ্মীয় আদি বিভিন্ন ক্ষেত্ৰত জড়িত থাকি সমাজত সেৱা আগবঢ়ায়।

বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ গৰাকীৰ বিয়োগত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ প্ৰেছ ক্লাব, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ জিলা বৈদিক সমাজ, সমন্বিত যুৱতীৰ্থ : কলিয়াবৰ, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ জিলা কৰ্মচাৰী পৰিষদ, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, জখলাবন্ধা মিলন সংঘ, ৰংগম চিত্ৰাংকন বিদ্যালয়, কলংমুখ বিদ্যাপীঠ, কলিয়াবৰ জিলা হাইস্কুল শিক্ষক সংস্থা, সদৌ অসম খিলঞ্জীয়া মৰিয়া সন্থা, সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া(মুছলমান) সন্থা, সদৌ অসম মৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি, কলিয়াবৰ সাহিত্য কানন, কলিয়াবৰ জিলা মইনা পাৰিজাত, মিছা মিলন সংঘ, উন্মীলন- এখন নতুন পৃথিৱীলৈ, শ্ৰীশ্ৰী আচিনাই থান পৰিচালনা সমিতি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখা, অসম গণ পৰিষদৰ কলিয়াবৰ বিধান পৰিষদ, স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিক সম্পাদক মৃণাল কুমাৰ হাজৰিকা, কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন হাজৰিকা, অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি খনীন্দ্ৰ কুমাৰ গোস্বামীকে প্ৰমূখ্য কৰি কলিয়াবৰৰ বিভিন্ন ব্যক্তি-অনুষ্ঠানে বিশিষ্ট ব্যক্তি গৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে। বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ , দুই কন্যাৰ লগতে ইষ্ট-কুটুম্ব ইহঃসংসাৰত এৰি থৈ যায়।