অসম

কলগাছিয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ..VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, মইনবড়িঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুইলেজাত নাগৰিকত্ব সংশোধনী বিল বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুইলেজা নাগৰিক মঞ্চৰ আহ্বানত অনুষ্ঠিত প্রতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী , কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে ।

কলগাছিয়াৰ সমীপবৰ্তী গুইলেজা চক বজাৰ প্ৰাঙ্গনত গুইলেজা নাগৰিক মঞ্চৰ উদ্যোগত কেবৰ বিৰুদ্ধে সাব্যস্থ কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোনোৱাল হুচিয়াৰ, CAB মানি লোৱা নহব আদি শ্লগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ।

কেব বাতিল নকৰিলে গণ আন্দোলনৰ হুংকাৰ দিয়ে গুইলেজা নাগৰিক সমাজৰ নাছিৰ উদ্দিন, আবু তাহেৰ খান, আজাদ আলী, বাহাৰুম বাদশা প্ৰমুখ্যে নেতা সকলে।