অসম

ক’লাজলত তীব্ৰবেগী বাহনে মহতিয়াইলে পথচাৰীক, থিতাতে মৃত্যু…

asomiyapratidin

ডিজিটেল সংবাদ,দুমুনিচকী : বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক'লাজলত বুধবাৰে নিশা প্ৰায় ১০-৩০ বজাত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে একেখন থানাৰ অন্তৰ্গত তথা পেচাত গাড়ী চালক, মালিবাৰী গাঁও নিবাসী আজেদ আলীয়ে (৪৬) নিজৰ কৰ্তব্য শেষ কৰি আজি প্ৰায় ১০-৩০ বজাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাইহাটা চাৰিআলি অভিমুখে খোজকাঢ়ি আহি আছিল।

তেনে সময়তে গুৱাহাটী অভিমুখী তীব্ৰবেগী বাহন এখনে ক'লাজলত আলীক পিছফালৰ পৰা মহতিয়াই থৈ পলায়ন কৰে। ফলত পথৰ ওপৰত চিটিকি পৰি আলীৰ থিতাতে মৃত্যু হয়। বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে ঘটনা সম্পৰ্কে অবগত হোৱাত আৰক্ষী উপস্থিত হৈ আজেদ আলীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।