অসম

কোকৰাঝাৰত উপস্থিত জুবিন গাৰ্গ, ছবিৰ প্ৰমোচন কৰি ক’লেঃ মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ 'কাঞ্চনজংঘা'ৰ প্ৰমোচনৰ বাবে দেওবাৰে কোকৰাঝাৰত উপস্থিত হ'ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ । কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ ভোটগাঁও হাইস্কুল প্ৰাংগণত দেওবাৰে জুবিন গাৰ্গ উপস্থিত হৈ কেবা সহস্ৰাধিক অনুৰাগীৰ মাজত কাঞ্চনজংঘাৰ বাণিজ্যিক প্ৰচাৰকাৰ্য চলায়।

অনুৰাগীৰ হৰ্ষধ্বনি আৰু অতি উৎসাহময় পৰিস্থিতিৰ মাজত জুবিন গাৰ্গে অহা ৬ ছেপ্টেম্বৰত মুক্তি পাবলগীয়া কাঞ্চনজংঘা সকলোকে চাবলৈ আহ্বান জনায়। 'মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা' সংলাপেৰে জুবিন গাৰ্গে ছবিখনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰি এটি গীতো পৰিৱেশন কৰে।

তুমুল হৰ্ষধ্বনি আৰু যুৱ প্ৰজন্মৰ ব্যাপক উৎসাহ উদ্দীপনাৰ মাজত জুবিন গাৰ্গে কোকৰাঝাৰত কাঞ্চনজংঘাৰ বাণিজ্যিক প্ৰচাৰ সামৰি বঙাইগাঁৱলৈ প্ৰস্থান কৰে। বঙাইগাঁৱতো জুবিন গাৰ্গে কাঞ্চনজংঘাৰ বাণিজ্যিক প্ৰচাৰ কাৰ্য চলাব।

আনহাতে, সংবাদ মাধ্যমৰ আগত জুবিন গাৰ্গে কাঞ্চণজঙ্ঘা সফল হ'ব বুলি মন্তব্য কৰি তেওঁ নিজকে ধনাত্মক মনৰ মানুহ বুলি দাবী কৰে। সকলোকে কাঞ্চনজংঘা চাবলৈ আহ্বান জনাই জুবিন গাৰ্গে এয়া তেওঁৰ তৃতীয় ছবি বুলি মন্তব্য কৰে ।

অনুৰাগীয়ে তেওঁৰ ভৰি মচি দিয়া কাৰ্য বেয়া পায় বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি মৰম-আশীৰ্বাদ আছে আৰু তেওঁলোকৰ বাবেই কাম কৰি আছে বুলি মন্তব্য প্ৰকাশ কৰিছে জুবিন গাৰ্গে । আনহাতে আৰ্চাৰ গহেলা বড়োৰ প্ৰতি পূৰ্বে ঘোষণা কৰা আৰ্থিক সাহাৰ্য অচিৰেই প্ৰদান কৰা হব বুলিও মন্তব্য কৰিছে জুবিন গাৰ্গে ।