অসম

কোকৰাঝাৰত মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ, কোনে হত্যা কৰি মুৰ লৈ গ’ল সাদৰি মহিলা বিমলা বসুমতাৰীৰ, স্বামীক আটক

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ তাৰংগুৰী সুতাৰপাৰাত নিজ গৃহতে এগৰাকী বিবাহিতা মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘাতকে চোকা অস্ত্ৰৰে ঘপিয়াই মুণ্ড ছিন্ন কৰি মুণ্ডটো ঘাতকেই লৈ যায় বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ঘাতকৰ নৃশংস আক্ৰমনত নিহত হোৱা মহিলাগৰাকীক ছাতিৰাম বসুমতাৰীৰ দ্বিতীয় পত্নী বিমলা বসুমতাৰী(৪৫) বুলি চিনাক্ত কৰা হৈছে।

সুতাৰপাৰা গাঁৱৰ গাঁওবুঢ়া চন্দ্ৰকান্ত বসুমতাৰীয়ে সংবাদমাধ্যমৰ আগত সদৰি কৰা মতে ৰাতিপুৱা পথাৰলৈ বুলি ধান ৰুবলৈ যাওতে একাংশ ৰোৱনীয়ে প্ৰথমে ঘৰৰ বাৰান্দাত মহিলা এগৰাকী উবুৰি খাই পৰি থকা প্ৰত্যক্ষ কৰে। ওচৰলৈ গৈ মুণ্ডহীন মৃতদেহ দেখি ৰোৱনীসকলে চিৎকাৰ কৰি উঠে আৰু গাওঁৱাসীক খবৰ দিয়ে।

তাৰপিছত গাওঁবুঢ়াই আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বিমলা বসুমতাৰীৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সন্দেহবশত মৃত বিমলা বসুমতাৰীৰ স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে অদ্যপি বিমলা বসুমতাৰীৰ মুৰটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।

কোনে হত্যা কৰি বিমলা বসুমতাৰীৰ মুণ্ড লৈ গল?

চাঞ্চল্য সৃষ্টিকাৰী বিমলা বসুমতাৰীৰ হত্যাকাণ্ডই জোকাৰি গৈছে গাওঁবাসীক। অতি অমায়িক স্বভাৱৰ বিমলা বসুমতাৰী গাঁৱৰ শেষ প্ৰান্তত অকলশৰে বসৱাস কৰে। স্বামী ছাতিৰাম বসুমতাৰীয়ে প্ৰথমা পত্নী আৰু চাৰিগৰাকী সন্তানক লৈ চিৰাং জিলাৰ ভূৰ তিনালীত থাকে আৰু ছাতিৰামে ৰুণীখাতাত এখন ঔষধৰ দোকান দি জীৱন নিৰ্বাহ কৰে। সপ্তাহত এবাৰ বা দুবাৰ দ্বিতীয় পত্নীৰ কাষলৈ আহে আৰু ৰাতিটো থাকিয়েই গুচি যায় কৰ্মথলীলৈ।

শনিবাৰে নিশা মুষলধাৰে অহা বৰষুণৰ মাজতে হত্যাকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। একাংশ গাওঁৱাসীয়ে নিষ্ঠুৰ হত্যাকাণ্ডৰ বলি হোৱা বিমলা বসুমতাৰীক তেওঁৰ লম্পট স্বামীয়ে হত্যা কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে যদিও সেয়া একাষাৰে নাকচ কৰিছে স্বামী ছাতিৰাম বসুমতাৰীয়ে। ছাতিৰাম বসুমতাৰীয়ে দেওবাৰে পুৱা খবৰ পোৱা মাত্ৰকে তেওঁ গুচি আহিছে বুলি মন্তব্য কৰিছে যদিও একাংশ গাঁৱৰ বাসিন্দাই ছাতিৰাম বসুমতাৰী নিশাৰ ভাগত আহিছিল বুলি পৰস্পৰ বিৰোধী মন্তব্য কৰিছে।

আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনিটা মদৰ গিলাচ আৰু বিয়েৰৰ বটল উদ্ধাৰ কৰা ঘটনালৈ চাই এয়া দলগতভাৱে কৰা হত্যাকাণ্ডও হব পাৰে বুলি আশাংকা ব্যাক্ত কৰা হৈছে। কিন্তু মুণ্ডহীন মৃতদেহক লৈ সকলোৱে বিপাঙত পৰিছে। হত্যাকাৰীয়ে মৃতদেহৰ পৰা মুণ্ড ছিন্ন কৰি কিয় লৈ গল সেয়া বৰ্তমানলৈকে ৰহস্যৰ আৱৰ্তত আছে আৰু ঘাতকৰ নৃশংসতাই সকলোৰে অন্তৰাত্মা কঁপাই তুলিছে। গাঁৱৰ এচুকত অকলশৰে থকা এগৰাকী সাদৰি মহিলাক কোনে কি কাৰণত হত্যা কৰিলে তাকে কৈ গাঁওৱাসীৰ মাজত প্ৰশ্ন উত্থাপিত হৈছে আৰু হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰিছে।

ঘটনাস্থলীত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান, কি কয় আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে?

নৃশংস হত্যাকাণ্ডৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশান উপস্থিত হৈ নিজেই তদন্ত প্ৰক্ৰিয়াৰ তদাৰক কৰে। স্নিফাৰ ডগেৰে তদন্ত চলোৱা হ'ল যদিও মাজনিশা হোৱা মুষলধাৰ বৰষুণৰ বাবে স্নিফাৰ ডগে হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ মুৰ উদ্ধাৰ কৰিবলৈ সফল নহ'ল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্বামী ছাতিৰাম বসুমতাৰীক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে।

আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে ঘটনা সন্দৰ্ভত কয় যে, তদন্ত প্ৰক্ৰিয়া দ্ৰুতগতিত অব্যাহত আছে আৰু সমস্থ্য বিষয়টো তেওঁ নিজেই চোৱাচিতা কৰি আছে। হত্যাকাণ্ড সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ ক্লু উদ্ধাৰ কৰা হৈছে আৰু অচিৰেই হত্যাকাৰী ধৰা পৰিব বুলি মন্তব্য কৰিছে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশানে।