অসম

কোকৰাঝাৰত ট্ৰেক্টৰৰ দৌৰাত্ম্য, তীব্ৰবেগী ট্ৰেক্টৰৰ খুন্দাত মৃত্যু বিউটি পাৰ্লাৰৰ স্বত্তাধিকাৰী ময়ুৰী গগৈৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ চহৰত দীৰ্ঘদিন ধৰি মৃত্যুদূতৰূপী ট্ৰেক্টৰৰ দৌৰাত্মই সৰ্বসাধাৰণ ৰাইজক জলাকলা খুওৱাৰ সময়তে বৃহস্পতিবাৰে চহৰখনৰ ভাতাৰমাৰী ৰাজপথত এগৰাকী মহিলাক তীব্ৰবেগী ট্ৰেক্টৰ এখনে খুন্দিওৱাৰ ফলত মহিলাগৰাকী থিতাতে মৃত্যুমুখত পৰে৷ ট্ৰেক্টৰৰ খুন্দাত থিতাতে মৃত্যু হোৱা মহিলা গৰাকীক চহৰখনৰ শান্তিনগৰৰ নিবাসী তূষাৰকান্তি মুখাৰ্জীৰ পত্নী ময়ূৰী গগৈ মুখাৰ্জী (৩৬) বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি মতে বৃহস্পতিবাৰে পুৱা ১০ বজাত ময়ূৰী গগৈ মুখাৰ্জীয়ে স্কুটি লৈ চহৰখনৰ ভাতাৰমাৰীৰ দিশে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা এএছ-১৬-চি-৪৯৫৫ নম্বৰৰ তীব্ৰবেগী ট্ৰেক্টৰ এখনে স্কুটিখনত খুন্দিওৱাৰ ফলত থিতাতে মহিলাগৰাকীৰ মৃত্যু হয়।

আৰক্ষীয়ে ইতিমধ্যে ট্ৰেক্টৰৰ চালক সুনীল ব্ৰহ্ম (৩২) ক আটক কৰিছে৷ উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ শান্তিনগৰৰ 'ময়ূৰী বিউটি পাৰ্লাৰ'ৰ স্বত্বাধিকাৰী ময়ূৰী গগৈ মুখাৰ্জীৰ ট্ৰেক্টৰৰ খুন্দাত মৃত্যু হোৱাৰ বাতৰিয়ে চহৰখনত শোকৰ ছাঁ পেলাইছে৷