অসম

আত্মবিশ্বাসী প্ৰমিলা-উৰ্খাওঃ টৰ্চত ভোট দিবলৈ কৈছিল বিপিএফৰ মুৰব্বীয়েঃ উৰ্খাও গৌৰা ব্ৰহ্ম

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ লোকসভা নিৰ্বাচনৰ ভোটগণনালৈ আৰু মাথো কেইটামান মুহুৰ্ত বাকী থকাৰ সময়তে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই নিজৰ নিজৰ বিজয় সন্দৰ্ভত দৃঢ়তা প্ৰকাশ কৰিছে। কম ভোটৰ ব্যৱধানত হলেও জিকিব বুলি মন্তব্য কৰি প্ৰমিলা ৰাণী ব্ৰহ্মই সংসদত বিটিচিলৈ প্ৰত্যক্ষ পুঁজিকে ধৰি আন কেতবোৰ ইচ্ছুৰ ওপৰত মাত মাতিব বুলি মন্তব্য কৰে।

ইপিনে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই নিজ ফলাফলক লৈ উৎকণ্ঠিত নহয় বুলি মন্তব্যৰে চাৰিলাখ পঞ্চাছ হাজাৰৰ পৰা পাঁচ লাখ ভোট লাভ কৰি তেওঁ জিকিব বুলি দাবী কৰে।

ইউপিপিএলৰ প্ৰাৰ্থীক হৰুৱাবলৈ বিপিএফৰ মুৰব্বীয়ে ২৩ এপ্ৰিলৰ বিয়লি ২.০০ বজাৰ পৰা টৰ্চৰ চিহ্নত (নৱ কুমাৰ শৰণীয়াৰ প্ৰতীক চিহ্ন) ভোট দিবলৈ কৈছিল বুলি গুৰুতৰ অভিযোগো উত্থাপন কৰিছে উৰ্খাও গৌৰা ব্ৰহ্মই।

শৰণীয়াই চাৰি লাখৰ ওচৰাওচৰি, বিপিএফে ৩ লাখৰ পৰা ৩ লাখ ৫০ হাজাৰ, কংগ্ৰেছে ২ লাখ ভোট লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে উৰ্খাও গৌৰা ব্ৰহ্মই।

ইপিনে এগজিট প'লত এনডিএয়ে ৩০০ ৰো অধিক আসন পোৱা কথাটোত সন্দেহ ব্যক্ত কৰি মিত্ৰজোটেও চৰকাৰ বনাব পাৰে বুলি মত প্ৰকাশ কৰে।