অসম

কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল… VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অন্ত পৰিবলৈ আৰু কেইটামান ঘণ্টা বাকী থকা অৱস্থাত শনিবাৰে বিয়লি বিপিএফ দলে কোকৰাঝাৰত বিশাল 'দিল্লী চলো' নিৰ্বাচনী ৰেলী বাহিৰ কৰে। বডোফা নগৰৰ গ্ৰীণ ফিল্ডৰ পৰা তথা বিটিচিৰ উপমুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীৰ বাসভৱনৰ সন্মুখৰ পৰা বিয়লি প্ৰায় ৫:০০ মান বজাত আৰম্ভ হোৱা এই ৰেলীয়ে জে ডি ৰোড হৈ ৰে'লৱে ফ্লাইঅভাৰ নিকটৰ পথাৰত উপস্থিত হৈ এক সভাও অনুষ্ঠিত কৰে।

বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নেৰ্তৃত্ব দিয়া উক্ত সমদলত হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰি বিপিএফ জিন্দাবাদ, প্ৰমিলা ৰাণী ব্ৰহ্ম জিন্দাবাদ আদি ধ্বনিৰে কোকৰাঝাৰ সদৰ চহৰৰ আকাশ-বতাহ কঁপাই তোলে।

উক্ত ৰেলীত অংশগ্ৰহণ কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰমিলাৰাণী ব্ৰহ্ম ৩ লাখ ভোটৰ ব্যৱধানত জিকিব বুলি দাবী কৰে।

বিপিএফৰ প্ৰাৰ্থীগৰাকীৰ সৈতে এই মুহূৰ্তত কোনেও প্ৰতিদ্বন্দ্বিতাতে নাহে বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে ৰাজ্যত বিজেপি মিত্ৰগোটে ১৪ খন আসনৰ ভিতৰত ১২ খন আসনেই লাভ কৰিব বুলি দাবী কৰিছে।