অসম

কোকৰাঝাৰত ৬১ হিতাধিকাৰীৰ মাজত ধান ভঙা যন্ত্ৰ, সৰিয়হ তেল পেৰা যন্ত্ৰ, ডিটিপি মেচিন বিতৰণ…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰত থলুৱা উদ্যোগৰ বৃদ্ধি আৰু প্ৰসাৰতাৰ বাবে সোমবাৰে বিটিচি উদ্যোগ আৰু বাণিজ্য বিভাগে হিতাধিকাৰীৰ মাজত অত্যাধুনিক যন্ত্ৰ পাতি আৰু সা-সৰঞ্জাম বিতৰণ কৰে ।

জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰাংগনত সোমবাৰে অনুষ্ঠিত হোৱা যন্ত্ৰ পাতি আৰু সা সৰঞ্জাম বিতৰণ অনুষ্ঠানত ৬১ গৰাকী হিতাধিকাৰীৰ মাজত ধান ভঙা যন্ত্ৰ , সৰিয়হ তেল পেৰা যন্ত্ৰ , ডিটিপি মেচিন , বিউটি পাৰ্লাৰৰ সা সৰঞ্জাম আদি বিতৰণ কৰে ।

উক্ত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰী উপস্থিত থাকি থলুৱা উদ্যোগীসকলে যন্ত্ৰ পাতি তথা সা সৰঞ্জামৰ অভাৱত উদ্যোগৰ প্ৰসাৰতা বৃদ্ধি কৰিব পৰা নাই বুলি মন্তব্য কৰি থলুৱা উদ্যোগীক সকাহ দিয়াৰ উদ্দেশ্যৰে বিটিএডিৰ ২৬৫ গৰাকী স্থানীয় থলুৱা উদ্যোগীক ধান ভঙা যন্ত্ৰ , সৰিয়হ তেল পেৰা যন্ত্ৰ , ডিটিপি মেচিন , বিউটি পাৰ্লাৰৰ সা সৰঞ্জাম আদিকে ধৰি ১০ বিধ সামগ্ৰী বিতৰণ কৰা হব বুলি সদৰি কৰে ।

সামগ্ৰী সমূহৰ সদব্যৱহাৰেৰে থলুৱা উদ্যোগসমুহক সুচল- কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাই গণেশ কছাৰীয়ে উদ্যোগে নিবনুৱা সমস্যা সমাধানত অন্যতম ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে । আজিৰ অনুষ্ঠানত বিটিএডিৰ উদ্যোগ আৰু বাণিজ্যৰ মূৰব্বী বিষয়া নৱ কুমাৰ তালুকদাৰ , সাধাৰণ প্ৰৱন্ধক হেমাংগ দ্বীপ দাস , যুটীয়া সচিব শুভলক্ষ্মী ডেকা আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰাৰ বিপৰীতে হিতাধিকাৰীসকলেও অংশ গ্ৰহণ কৰে ।