অসম

কোকৰাঝাৰত সপ্তম অসম আৰক্ষী বেটেলিয়নৰ সমদল…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ৰাজ্য চৰকাৰে তিনিদিনীয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত কোকৰাঝাৰ সদৰ চহৰত সপ্তম অসম আৰক্ষী বেটেলিয়নে সমদল বাহিৰ কৰে।

কোকৰাঝাৰ সদৰ চহৰৰ অসম অইলৰ পৰা আৰম্ভ হোৱা উক্ত সমদলে জেডি ৰোডেৰে বিটিচি সচিবালয় পৰ্যন্ত পৰিভ্ৰমণ কৰে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে উক্ত সমদলে সাধাৰণ জনতাৰ মাজত দেশপ্ৰেমৰ ভাব জগাই তুলিব বুলি আশা প্ৰকাশ কৰে।

মঙলবাৰৰ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰ, জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং, সপ্তম আৰক্ষী বেটেলিয়নৰ অধিনায়ক এম এম বড়ো, আৰক্ষী অধীক্ষক ক্ৰমে- টাবুৰাম পেগু, ৰজী ৰাণী শৰ্মাৰ লগতে অতিৰিক্ত উপায়ুক্ত, জিলাৰ আন প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে।