অসম

কোকৰাঝাৰত শ্ৰমিকক হানি খুচি হত্যা দুৰ্বৃত্তৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি আৰক্ষী চকীৰ অন্তৰ্গত আশ্ৰমপাৰাত সোমবাৰে সন্ধিয়া সংঘটিত হয় হত্যাকাণ্ড। কোনো অচিনাক্ত দুষ্কৃতিকাৰীয়ে বিহাৰৰ শ্ৰমিক এজনক হানিখুচি হত্যা কৰা এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষীৰ সূত্ৰ অনুসৰি নিহত শ্ৰমিকজন বিহাৰৰ বেগুশৰাই জিলাৰ বিষ্ণুপুৰ গাঁৱৰ বাসিন্দা মহম্মদ ছাকিল বুলি জনা গৈছে৷

জানিব পৰা মতে, ছালাকাটিৰ আশ্ৰমপাৰাত দীৰ্ঘদিনৰ পৰা ভাড়াঘৰত থাকি মহম্মদ ছাকিলে এনটিপিচিত শ্ৰমিক হিচাপে কাম কৰিছিল৷ ভাড়াঘৰটোত আন তিনিজন শ্ৰমিক ক্ৰমে-সাহাব উদ্দিন আলম (২০), ছিকান্দৰ কুমাৰ (১৯) আৰু সন্তোষ কুমাৰ ( ২০) সন্ধিয়া বজাৰলৈ গৈছিল। তাৰ সুযোগলৈ দুৰ্বৃত্তই ছাকিলক ঘৰৰ ভিতৰত সোমাই হানি খুচি হত্যা কৰে ছাকিলক৷

ইয়াৰ পিছত তিনি সতীৰ্থ বজাৰৰ পৰা ভাড়াঘৰটোলৈ ঘূৰি অহাত ছাকিলৰ ক্ষতবিক্ষত নশ্বৰ দেহ মাটিত পৰি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে৷ সম্প্ৰতি হত্যাৰ ঘটনা সংক্ৰান্তত ছালাকাটি আৰক্ষীয়ে ইতিমধ্যে সোধ পোছৰ বাবে নিহত ছাকিলৰ তিনি সতীৰ্থ শ্ৰমিকক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷