অসম

কোকৰাঝাৰত আৰম্ভ জাপানীজ এনকেফ্লাইটিছৰ টিকাকৰণ, এমাহৰ ভিতৰতে ৬ লাখ লোকক টিকাকৰণৰ লক্ষ্য

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ অসমৰ স্বাস্থ্য বিভাগে জাপানীজ এনকেফ্লাইটিছ ৰোগ নিৰ্মূল কৰিবলৈ সমগ্ৰ ৰাজ্যতে টিকাকৰণৰ ব্যৱস্থা হাতত লৈছে৷ সেয়ে কোকৰাঝাৰ জিলা স্বাস্থ্য বিভাগেও অহা ২৯ ফেব্ৰুৱাৰীৰ পৰা কোকৰাঝাৰত জাপানীজ এনকেফ্লাইটিছৰ টিকাকৰণ আৰম্ভ কৰাৰ কৰাৰ কথা সদৰি কৰিছে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জে আহমেদে।

বৃহস্পতিবাৰে এক সংবাদমেলত জে আহমেদে কয় যে, অহা ২৯ ফেব্ৰুৱাৰীৰ পৰা টিকাকৰণ আৰম্ভ কৰি ৩১ মাৰ্চলৈকে অৰ্থাৎ এমাহৰ ভিতৰতে কোকৰাঝাৰ জিলাত মুঠ ৬ লাখ লোকক টিকাকৰণ কৰা হ'ব। টিকাকৰণ ১৫ বছৰৰ পৰা ৬৫ বছৰৰ সকলো লোকেই ল'ব পাৰিব বুলি জানিবলৈ দি অহা ২৯ ফেব্ৰুৱাৰীত কোকৰাঝাৰস্থিত বালাগাঁও স্বাস্থ্য কেন্দ্ৰত টিকাকৰণৰ শুভাৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিছে জে আহমেদে।

উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাত যোৱা বৰ্ষত জাপানীজ এনকেফ্লাইটিছ ৰোগত আক্ৰান্ত তিনি গৰাকী লোকে মৃত্যুক আকোৱালি লোৱাৰ উপৰিও ১৪ গৰাকী লোক চিকিৎসাধীন হ'ব লগা হৈছে৷ বৃহস্পতিবাৰৰ সাংবাদিকমেলত কোকৰাঝাৰ আৰ এন বি চিকিৎসালয়ৰ চিকিৎসক অমল মুছাহাৰীও উপস্থিত থাকে।