অসম

বিটিচি নিৰ্বাচনক লৈ সাজু বিপিএফ, ১৫জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ, বাদ পৰিল কাৰ নাম, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিআৰ চুক্তিৰ পিছতে বিটিচিৰ ৰাজনীতিয়ে নতুন মোৰ লোৱাৰ সময়তে সোমবাৰে বিপিএফৰ কাৰ্যনিৰ্বাহক সভাই অহা এপ্ৰিল মাহত অনুষ্ঠিত হ‌'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে ১৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। সোমবাৰে কোকৰাঝাৰৰ আৰনাই ৰেষ্টুৰেণ্টৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিপিএফৰ কাৰ্যনিৰ্বাহক বৈঠকতে আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ১৫ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে।

বিপিএফ দলৰ পৰা নিৰ্বাচনী টিকট নিশ্চিত হোৱা প্ৰাৰ্থীসকল হ'ল ক্ৰমে দেৱৰগাঁও সমষ্টিৰ বাবে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী, চিৰাংদুৱাৰ সমষ্টিত খাম্পা বৰগয়াৰী, বাওখুংগ্ৰী সমষ্টিত দনেশ্বৰ গয়াৰী, বনৰগাঁও সমষ্টিত ৰাজীৱ ব্ৰহ্ম, শৰাইবিল সমষ্টিত মৃত্যুঞ্জয় নাৰ্জাৰী, মুছলপুৰ সমষ্টিত অনসুমৈ খুংগুৰ বসুমতাৰী, মুদৈবাৰী সমষ্টিত জগদীশ সৰকাৰ, ভেৰগাঁৱত নেৰশ্বন বড়ো, হৰিশিঙাত ত্ৰিদিপ দৈমাৰী, ননৈ চেৰফাংঙত শ্যাম চুণ্ডী, খালিঙদুৱাৰত বনজাৰ দৈমাৰী, দৰঙ্গামেলাত বিজিত গৌৰা নাৰ্জাৰী, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, খৈৰাবাৰীত লৌমশ্ৰাও দৈমাৰী আৰু পৰ্বতঝোৰা সমষ্টিত মুন মুন ব্ৰহ্ম।

আনহাতে ৰৌতা সমষ্টিত পূৰ্বৰ বিপিএফৰ এমচিএলএ অলিন্দ্ৰ মুছাহাৰীক এইবেলি দলীয় প্ৰাৰ্থিত্ব নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিপিএফৰ কাৰ্যনিৰ্বাহক বৈঠকে। ইপিনে বিটিআৰ সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰে পূৰ্বৰ স্থিতিতে অটল থাকি বিটিআৰ বুলি কোনো কথা নাই চুক্তিহে হৈছে বুলি মন্তব্য কৰি আওপকীয়াকৈ এবছুৱে এনেই গান বজাই আছে বুলি তীৰ্যক মন্তব্য কৰি বিটিআৰ চুক্তি হকেও সংশোধনী নহালৈকে বিটিচিয়ে হৈ থাকিব বুলি স্পষ্ট মত প্ৰকাশ কৰিছে।

ইয়াৰোপৰি হাগ্ৰামা মহিলাৰীয়ে আগন্তুক বিটিচি নিৰ্বাচনত বিপিএফ মিত্ৰজোটে ৩০ খন আসন লাভ কৰিব বুলি দাবী কৰি চৰকাৰ মিত্ৰজোঁটৰেই বুলি দাবী কৰি আগন্তুক বিটিচি নিৰ্বাচনত বিজেপি অগপৰে বিপিএফৰ মিত্ৰতা অব্যাহত থাকিব বুলি সদৰি কৰিছে।