অসম

ভূটানে গোপনে এৰিলে পানী, বুৰ গ’ল কোকৰাঝাৰ চহৰ, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত মঙলবাৰে কোকৰাঝাৰ সদৰ চহৰ ডুব যায়। সদৰ চহৰৰ জেডি ৰোড, আৰএনবি ৰোড, শান্তিনগৰ, টেঙাপাৰা, সুদেমপুৰী আদিকে ধৰি সমগ্ৰ কোকৰাঝাৰ চহৰ একপ্ৰকাৰ ডুব যোৱাত জনজীৱন স্তব্ধ হৈ পৰে। ব্যৱসায়িক অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ সকলোতে পানী সোমোৱাত কোকৰাঝাৰ সদৰ চহৰ প্ৰায় বন্ধ হৈ পৰে।

সদৰ চহৰৰ কোৰ্টপাৰাৰ ষ্টেট বেংক অব ইণ্ডিয়া , বিভিন্ন চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বানপানীৰ বাবেই বন্ধ থাকে যদিও যিসমূহ কাৰ্যালয় খোলা আছিল তাত উপস্থিতিৰ হাৰ একেবাৰে নগণ্য আছিল। ইপিনে জিলাখনৰ গৌৰাং নদীকে ধৰি কেবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জনসাধাৰণ শংকিত হৈ পৰিছে।

স্থানীয় জনতাই পূৰ্বে এনে বানপানী দেখা নাই বুলি প্ৰকাশ কৰাৰ লগতে ভূটানে গোপনে পানী এৰাৰ সন্দেহ প্ৰকাশ কৰিছে। আনহাতে জিলা প্ৰশাসনে ভূটানে পানী এৰি দিয়াৰ কোনো তথ্য তেওঁলোকৰ সৈতে নাই বুলি সদৰি কৰিছে।

জিলাখনৰ দোতমাতো বানপানীয়ে ক্ষতি কৰাৰ লগতে হল্টুগাঁও-পাটগাঁৱৰ পথৰ ওপৰেদি পানী বাগৰাৰ লগতে বালাজান তিনালীৰ ওচৰৰ উছামাটিত গড়কাপ্তানী পথছোৱা ছিগো ছিগো ৰূপ ধাৰণ কৰিছে। ইতিমধ্যে জিলা প্ৰশাসনে সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখী হবলৈ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে।