অসম

কোকৰাঝাৰত ভূমিকম্পত খহি পৰিল মন্দিৰৰ চূড়া, গৌৰাঙত আহত ৫

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ ভূমিকম্পৰ ফলত আজি কোকৰাঝাৰত ব্যাপক আতংকৰ সৃষ্টি হয়। কোকৰাঝাৰ জিলাৰ চিথিলা অঞ্চলত ভূমিকম্পৰ অভিকেন্দ্ৰ হোৱা হেতুকে ভূমিকম্পৰ কম্পন কোকৰাঝাৰত অধিক যেন অনুভৱ হোৱাৰ লগতে জিলাখনৰ কেবাঠাইতো ক্ষতিসাধন হৈছে।

ভূমিকম্পৰ ফলত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ভৱনৰ কেবাঠাইতো ফাঁট মেলিছে। বিভাগটোৰ শ্ৰেণীকোঠা, কাৰ্যালয়কে ধৰি কৰিডৰৰ বিভিন্ন ঠাইত ভূমিকম্পৰ ফলত ফাঁট মেলাত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় আৰু আজি শ্ৰেণীসমূহ স্থগিত ৰখা হয়।

ইপিনে জিলাখনৰ শক্তি আশ্ৰম মুখীগাঁৱৰ দুৰ্গাচৰণ অধিকাৰীৰ বাসভৱন চৌহদত থকা ৰাধাগোবিন্দ মন্দিৰটোৰ চূড়া ভূমিকম্পৰ ফলত খহি পৰে। আনহাতে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা দৌৰাদৌৰিৰ ফলত গৌৰাং হাইস্কুলত দুজন শিক্ষককে ধৰি ৫গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়।