অসম

কোকৰাঝাৰত জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচীৰ শুভাৰম্ভ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ভূটীয়াপাৰাস্থিত ভাৰতৰত্ন ভূপেন হাজৰিকা সমন্বয়ক্ষেত্ৰত শুকুৰবাৰৰ পৰা অৰ্থাৎ ২০, ২১ আৰু ২২ ডিচেম্বৰত তিনিদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। কোকৰাঝাৰ উত্তৰখণ্ড আঞ্চলিক নাথ যোগী সন্মিলনীৰ উদ্যোগত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈ পৰিছে।

বৃহস্পতিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অভ্যৰ্থনা সমিতিৰ সভাপতি বিষ্টুৰাম নাথ আৰু সম্পাদক নীলমণি নাথে সদৰি কৰা মতে ২০ ডিচেম্বৰৰ পুৱা ৬ঃ০০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া কোকৰাঝাৰ জিলা নাথ যোগী সন্মিলনীৰ সোণালী জয়ন্তী উপলক্ষে ৫০ খন পতাকা আৰু অসম প্ৰাদেশিক যোগী সন্মিলনীৰ শতবৰ্ষীয় কাৰ্যসূচী উপলক্ষে ১০০ খন পতাকা উত্তোলন কৰাৰ লগতে ১৫০ গছি বন্তি প্ৰজ্বলন আৰু ১৫০ জোপা গছপুলি ৰোপন কৰা হ'ব।

তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া উক্ত অনুষ্ঠানতে চাইবাৰ চিকিউৰিটিৰ ওপৰত আলোচনা, সমূহীয়া দীক্ষাগ্ৰহণ, মহাৰুদ্ৰ যঞ্জ, সমুহীয়া অন্নপ্ৰাসন, চুড়াকৰণ, বিবাহ, বৃহত্তৰ অসমীয়া জাতিগঠন সন্দৰ্ভত আলোচনা চক্ৰ, গ্ৰন্থ উন্মোচন, স্বজাতীয় নৃত্য-গীত, কলা-সংস্কৃতি প্ৰদৰ্শন, ধৰ্মসভা, সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব।

আনহাতে ২২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে মুখ্য অতিথি হিচাপে আৰু মন্ত্ৰী ক্ৰমে প্ৰমিলা ৰাণী ব্ৰহ্ম, চন্দন ব্ৰহ্ম, ফণীভূষণ চৌধুৰীয়ে বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বুলি বিবৃতিত সদৰি কৰিছে। তদুপৰি আছু, আক্ৰাছু, আছা, নাথ যোগী ছাত্ৰ সন্থা, চাওতাল ছাত্ৰ সন্থা, এবিএমছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদকে ধৰি আন কেবাটাও ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকিব বুলি সদৰি কৰিছে। অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষু শৰ্মা আৰু ছনি টিভিৰ ৰিয়েলিটি শ্ব'ৰ হৰ্ষিত নাথো উপস্থিত থাকিব বুলি অভ্যৰ্থনা সমিতিয়ে সদৰি কৰিছে।