বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...
বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি... 
অসম

বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ পাটগাঁৱত বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনক লৈ ব্যাপক প্ৰস্তুতি চলিছে ৷ পাটগাঁৱৰ সৰলভাঙা নৈ পাৰৰ ৰাণী খালাইশ্ৰীৰ বিশাল পথাৰত অহা ২৩ ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন অনুষ্ঠিত হ'ব।

অধিবেশনক লৈ দিনে নিশাই শ শ শ্ৰমিকে প্ৰস্তুতিৰ কাম কাজ অব্যাহত ৰাখিছে।অধিবেশনথলীত এক বিশাল পেণ্ডেল নিৰ্মাণৰ কাম চলি আছে য'ত কেইবা সহস্ৰাধিক আসনৰ ব্যৱস্থা কৰা হ'ব ৷

অধিবেশনথলীতে বিশাল প্ৰৰ্দশনী আৰু গ্ৰন্থমেলাৰ পেণ্ডেলৰ কাম পূৰ্ণগতিত চলি আছে ৷ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে জানিবলৈ দিয়া মতে পাঁচশ বিপণীয়ে প্ৰৰ্দশনী আৰু গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব ৷

অধিবেশনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আঢ়ৈ হাজাৰৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷ ইয়াৰোপৰি পশ্চিমবংগ , ত্ৰিপুৰা, মণিপুৰসহ দেশৰ বিভিন্ন ৰাজ্যৰ উপৰিও বহিঃৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ পৰা বিশিষ্ট সাহিত্যিক আৰু বড়ো জনগোষ্ঠীয় বিশিষ্ট ব্যক্তিয়ে অধিবেশনত অংশগ্ৰহণ কৰিব ৷

তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অধিবেশনত অংশগ্ৰহণ কৰিব বুলিও অভ্যৰ্থনা সমিতিৰ সভাপতি লৰেন্স গৰাকীয়ে জানিবলৈ দিছে ৷ উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ এই ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনতে পুৰণি কমিটি ভংগ কৰি নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হ'ব ।

ইপিনে অধিবেশনখনৰ প্ৰস্তুতিৰ কাম কাজ নিয়াৰিয়াকৈ তথা সাফল্যমণ্ডিত ভাৱে সম্পন্ন কৰিবলৈ আজি পাটগাঁৱত অভ্যৰ্থনা সমিতিৰ এক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰী, সম্পাাদক জনীল ব্ৰহ্ম, অভ্যৰ্থনা সমিতিৰ বিভিন্ন উপ-সমিতি, বড়ো সাহিত্য সভাৰ নেতৃবৰ্গ আৰু স্থানীয় বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে ৷