অসম

অসম চৰকাৰ গ’ বেক ধ্বনি বাঙালি ফেডাৰেচনৰ, উত্তাল কোকৰাঝাৰ

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ বিটিচি বাঙালি যুৱ ছাত্ৰ ফেডাৰেশনে বৃহস্পতিবাৰে বিভিন্ন দাবীৰ প্ৰতিবাদত কোকৰাঝাৰত দুইঘন্টীয়া অৱস্থান ধৰ্মঘটৰে উত্তাল কৰি তোলে৷ বৃহস্পতিবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ কোকৰাঝাৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ নিকটত থকা শিশু উদ্যানত ফেডাৰেশনৰ কেইবা শতাধিক কৰ্মী, সদস্যই হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ অসম চৰকাৰ গ' বেক, আৰক্ষী প্ৰশাসন হায় হায়, ডি ভোটাৰৰ নামত বাঙালিক হাৰাশাস্তি কৰা বন্ধ কৰক, আমাৰ দাবী নায্য দাবী ইত্যাদি শ্লোগান দি আকাশ বতাহ কঁপাই তোলে।

ধৰ্ণা কাৰ্যসূচীত ফেডাৰেশনৰ মুখ্য উপদষ্টা শ্যামল সৰকাৰে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ গৃহ বিভাগ জীৱিত আছে নে নাই সেয়া ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত দাবী উত্থাপন কৰে৷ এনআৰচিৰ নামত হিন্দু বাঙালি সকলক হাৰাশাস্তি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে বুলি অভিযোগ কৰি বিনাচৰ্তে হিন্দু বাঙালিক নাগৰিকত্ব দিয়াৰ দাবী জনায়৷ অসমত এনআৰচিৰ বাবে ভিত্তীবৰ্ষ ১৯৫১চন হোৱাৰ দাবী জনাই শ্যামল সৰকাৰে কেবক সমৰ্থন জনাইছে৷

আনহাতে প্ৰতীক হাজেলাই এনআৰচিৰ নামত ২ হেজাৰ কোটি টকাৰ ঘোটালা কৰা বুলি অভিযোগ কৰি চিবিআই তদন্তৰ দাবী উত্থাপন কৰে৷ অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ পিছতে ফেডাৰেশনৰ নেতৃবিন্দই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ কেইবাটাও দাবী সম্বলীত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ বৃহস্পতিবাৰৰ অৱস্থান ধৰ্ণা কাৰ্যসূচীত ফেডাৰেশনৰ সভাপতি মন্টু দে, মুখ্যপাত্ৰ অৰবিন্দ শীল, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বিকাশ দেৱনাথ আৰু সাধাৰণ সম্পাদক অমৰ সৰকাৰকে ধৰি গোসাইগাওঁ জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদক উপস্থিত থাকে৷