অসম

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ’লে অসম জ্বলিবঃ এবছু

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ জনজাতিকৰণ সংশোধনী বিল, ২০১৯ৰ বিৰোধিতাৰে শুকুৰবাৰে সন্ধিয়া কোকৰাঝাৰত ট্ৰাইবেল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত শতাধিক পিকেটিংকাৰীয়ে সদৰ চহৰত জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতিকৰণ সংশোধনী বিল, ২০১৯ প্ৰত্যাহাৰৰ দাবীত ট্ৰাইবেল সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা শিশু উদ্যানৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ সমদলেৰে প্ৰতিবাদ সাব্যস্ত কৰি সদৰ চহৰ পৰিভ্ৰমণ কৰে।

সমদলৰ নেৰ্তৃত্ব বহন কৰা এবছুৰ সহকাৰী সম্পাদক খৌৰমদাও ওৱাৰীয়ে জনজাতিকৰণ সংশোধনী বিল ২০১৯ ৰ তীব্ৰ বিৰোধিতা কৰি এই বিল সদনত আনিলে অসম জ্বলিব বুলি সকীয়াই দিয়ে।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি উক্ত বিল প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে এবছুৰ সহকাৰী সম্পাদক খৌৰমদাও ওৱাৰীয়ে।

শুকুৰবাৰৰ কাৰ্যসূচীত এবছুৰ কাষ্টম বসুমতাৰী, জনক উজীৰৰ উপৰিও আন দল-সংগঠনৰ প্ৰতিনিধিও উপস্থিত আছিল।