kokrajhar protest
kokrajhar protest 
অসম

কোকৰাঝাৰৰ যুৱকৰ হত্যা কাণ্ডক লৈ এবছুৰ প্ৰতিক্ৰিয়া, মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰেৰণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ :- চিৰাং জিলাৰ গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত বৰাগাঁৱত যোৱা ১৪ অক্টোবৰৰ নিশা কোকৰাঝাৰৰ কিষান কুমাৰ বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে।

পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰ তথা কোকৰাঝাৰ টেঙাপাৰা নিবাসী মহিম চন্দ্ৰ বসুমতাৰীৰ পুত্ৰ কিষান কুমাৰ বসুমতাৰী কি পৰিস্থিতিত মৃত্যু হ'ল তাকে লৈ সন্দেহৰ সৃষ্টি হোৱাৰ সময়তে ছাত্ৰগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি দাবী কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে ৷

উক্ত হত্যাকাণ্ডত কঠোৰ ভাষাৰে গৰিহণা দি সোমবাৰে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি কৃপেশ দৈমাৰী আৰু সম্পাদক খাম্পা বৰগয়াৰীৰ নেতৃত্বত ছাত্ৰ সংগঠনটোৰ এটি সঁজাতি দলে কোকৰাঝাৰ জিলা অতিৰিক্ত উপাযুক্ত ৰাজীৱ দাসৰ জৰিয়তে চিৰাঙত হত্যাৰ বলি হোৱা ছাত্ৰ কিষান কুমাৰ বসুমতাৰীৰ হত্যাকাণ্ডৰ তদন্ত আৰু দোষীক আটক কৰাৰ তিনিদফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰিছে ৷