অসম

কোকৰাঝাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এবিএমছুৰ ধৰ্ণা কাৰ্যসূচী…

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰ: এবিএমছুৰ কোকৰাঝাৰ, গোঁসাইগাঁও আৰু পৰ্বতঝোৰা জিলা সমিতিৰ উদ্যোগত বুধবাৰে কোকৰাঝাৰ সদৰ চহৰৰ শিশু উদ্যোগত দুই ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়িত হয়। শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত ধৰ্ণাত প্ৰতিবাদকাৰীয়ে বিভিন্ন শ্লোগানেৰে সদৰ চহৰৰ আকাশ বতাহ মুখৰিত কৰি তোলে।

এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায় প্ৰদান কৰা, ডি ভোটাৰৰ সমস্যাৰ সমাধান কৰা, বিটিএডিৰ অনাবড়ো লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু অযথা হাৰাশাস্তি বন্ধ কৰা, ১৯৯৩ চনৰ পৰা ২০১৪ চনলৈ বিভিন্ন সময়ত বিটিএডিত সংঘটিত হোৱা গোষ্ঠীসংঘৰ্ষৰ ফলত ক্ষতিগ্ৰস্থলোকক পুণৰসংস্থাপন দিয়া আৰু কেবৰ বিৰোধিতাৰে অনুষ্ঠিত হোৱা ধৰ্ণাথলীত এবিএমছুৰ নেৰ্তৃবৰ্গই সকলো সংগঠনৰ সহযোগত কেবৰ প্ৰচণ্ড বিৰোধিতা কৰি যাব বুলি মন্তব্য কৰে ।

৮৫৫ জন শ্বহীদৰ ত্যাগ আৰু অৱদানক অৱমাননা কৰি জাতিধ্বংসী বিধেয়ক গৃহীত হ'লে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব বুলি মন্তব্য কৰি কেব বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে।

ধৰ্ণা কাৰ্যসূচীৰ অন্তত এবিএমছুৰ জিলা সভাপতি নজৰুল ইছলাম আৰু সাধাৰণ সম্পাদক আতাউৰ ৰহমান স্বাক্ষৰিত ১১ দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে ধৰ্ণা কাৰ্যসূচীত এবিএমছুৰ উপ সভাপতি আলি আজম শ্বেখ, কেন্দ্ৰীয় সহকাৰী সম্পাদক মইনুদ্দিন আলী, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জাইদুল ইছলামো উপস্থিত থাকে।