অসম

কোকৰাঝাৰত গ্ৰেপ্তাৰ ২ উগ্ৰপন্থী, জব্দ ৩টা বন্দুক, ৬৪২ জাঁই গুলী, দুটা মেগজিন

asomiyapratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ আৰক্ষী, কামাণ্ডো বেটেলিয়ন আৰু ২১০ নং কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই ভাৰত-ভূটান সীমান্তৰ লুংচুঙত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুটা উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা উগ্ৰপন্থী দুটাক লুংচুঙ এলেকাৰ পুদান মুৰ্মু(৪৫) আৰু বাজুন মুৰ্মু(২৪)বুলি আৰক্ষীয়ে সদৰি কৰিছে।

কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সদৰি কৰা মতে, এক গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰৰ নিশাৰে পৰা ভাৰত-ভূটান সীমান্তবৰ্তী লুংচুঙ এলেকাত চলোৱা অভিযানৰ ফলত শনিবাৰে পুৱা দুটা উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ জিন্মাৰ পৰা দুটা একে চিৰিজৰ ৰাইফল, দুটা মেগজিন, এটা বন্দুক, ৫ জাঁই একে চিৰিজৰ গুলী, পইণ্ট ৩০ এম ১ আগ্নেয়াস্ত্ৰৰ ৬৩৭ জাঁই গুলী জব্দ কৰা হৈছে। অধিক তথ্যৰ সন্ধানত সম্প্ৰতি আৰক্ষীয়ে উগ্ৰপন্থী দুটাক জেৰা অব্যাহত ৰাখিছে।