অসম

কোচ ৰাজবংশী সন্মিলনীৰ ১৪ আৰু ১৫ আগষ্টৰ অসম বন্ধ প্ৰত্যাহাৰ

asomiyapratidin

ডিজিটেল সংবাদ, অভয়াপুৰীঃ কোচ ৰাজবংশী সন্মিলনীয়ে ১৪ আৰু ১৫ আগষ্টত আহ্বান দিয়া অসম বন্ধ প্ৰত্যাহাৰ কৰিছে৷ এই কথা সদৰী কৰিছে সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰণৱ নাৰায়ণ দেৱে।

উল্লেখযোগ্য যে, যোৱা ৬ আগষ্টত কোকৰাঝাৰ জিলাৰ চৌতাৰাত সন্মিলনীয়ে ৰে'ল অৱৰোধ কৰাৰ সময়ত আৰক্ষী আৰু ৰে'ল অৱৰোধকাৰীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল৷

এই ঘটনাত ১৪জনকৈ প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে৷ আৰু ইয়াৰে প্ৰতিবাদত সন্মিলনীয়ে অসম বন্ধৰ আহ্বান দিছিল৷

কিন্তু আজি কোকৰাঝাৰ আৰক্ষী প্ৰশাসনৰে সন্মিলনীৰ এক বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত কাৰাবন্দী প্ৰতিবাদকাৰীসকলক আইনী প্ৰক্ৰিয়াৰ মাজেৰে মুক্তি দিয়াৰ আশ্বাস প্ৰদান কৰে প্ৰশাসনে৷

প্ৰশাসনৰ এই আশ্বাসৰ পিচতেই সন্মিলনীয়ে অসম বন্ধ প্ৰত্যাহাৰ কৰে৷ অৱশ্যে চৰকাৰৰ প্ৰতাৰণাৰ প্ৰতিবাদত স্বাধীনতা দিৱস বৰ্জন কৰি ক'লা বেজ পৰিধান কৰিব বুলি জানিব দিয়ে৷