অসম

কবিতা ১৫১/ সূৰ্য্য হেনো নামি আহে এই নদীয়েদি

Asomiya Pratidin

নীলমণি ফুকন

ৰাতি হ’লে
সূৰ্য্য হেনো
নামি আহে
এই নদীয়েদি।

ৰক্তক্ষৰা ভূজিঙ্গনীৰ দৰে এই নদীৰ
নাম ক’ত আছে
একো কথা ভূগোলত নাই
হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ
আজিলকে’ একো নাম নাই।

মাজনিশা সাৰ পালে
উঠি আহি চাবা দূৰণিলে
এটি অতিকায় দীঘলীয়া সপোনৰ
মকৰাৰ দৰে এটি চকু, সেউজীয়া
মৰা এটা মাছৰ পিঠিত উঠি
কেনেকৈ এই নদীয়েদি উটি উটি যায়।

দূৰৰ পৰা দেখিবা কিদৰে
নদীৰ পানীত
এটি দুটিকৈ
সৰে
সুৰাৰঙী তৰাবোৰ
ঠিক যেন পকা পকা আঙুৰৰ
দৰে।