অসম

কবিতা ১৪৭/ এই দিন

Asomiya Pratidin

- শ্যামন্ত বৰঠাকুৰ

আহক উদযাপন কৰো এই দিন

মনত পেলাই দিও

কেতিয়া আহিছিল আপুনি

আমিতো সকলো এই পৃথিৱীৰ আলহী

যাবগৈ লাগিব অহাৰ দৰে উভতি                                   

হিচাপ কৰো আহক

পাৰ কৰিলো কিমান দিন ৰাতি

সোঁৱৰণীৰ পানচৈত উঠি

অলেখ শুভকামনাৰ বৰষুণত তিতি

আহক উদযাপন কৰো এই দিন