অসম

এ.বি.এম.এগ্ৰী ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্ছ প্ৰাঃলিঃৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ….

asomiyapratidin

ডিজিটেল সংবাদ দুমুনিচকী :  প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰি শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ জীৱনকলৈ চৰম হেতালি খেলা এ বি এম এগ্ৰী ইণ্ডাষ্ট্ৰি এণ্ড ৰিচাৰ্ছ প্ৰাঃলিঃ ৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ । এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ  বুধবাৰে কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আঞ্চলিক সমিতিয়ে ৰঙিয়া মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

 স্মাৰক পত্ৰ প্ৰদান কৰাৰ সময়ত কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আঞ্চলিক সমিতিৰ বিষয়-ববীয়াৰ লগতে জাতীয় যুৱ বাহিনীৰ মুখপাত্ৰ চৈয়দ ইস্কন্দৰ মজিবৰ লগতে আন কেইবাজনো বিষয় ববীয়া  সকল উপস্থিত থাকে। বিদেশলৈ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰা হ'ব বুলি প্ৰচাৰ চলায় বৰ্তমানলৈ এমুঠি সামগ্ৰীও ৰপ্তানি কৰিবলৈ সক্ষম নোহোৱা এ বি এম উদ্যোগিক প্ৰতিষ্ঠানটোত সহস্ৰাধিক নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰিছিল । মাহৰ পিছত মাহ ওকলি যোৱাৰ পিছতো  কৰ্মচাৰীসকলক এটা টকাও দৰমহা দিবলৈ সক্ষম হোৱা নাই সংস্থটো ।

উল্লেখ্য যে , অসমীয়া প্ৰতিদিনত বাতৰি সম্প্ৰচাৰৰ পিছতে কাৰ্যালয়ত তলা ওলমাই ভুক্তভোগী যুৱক যুৱতীসকলে । লোকচক্ষুৰ পৰা আঁতৰত থকা এ বি এম উদ্যোগিক প্ৰতিষ্ঠান কৰ্তৃপক্ষই ক্ৰমিক নং উল্লেখ নকৰাকৈ বাৰেপাচি বিসংগতিপুৰ্ণ ভাৱে প্ৰস্তুত কৰা নিযুক্তি পত্ৰৰ আঁৰৰ ৰহস্য সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰে সংগঠনটোৱে ।      

ইয়াৰ উপৰি ৰঙিয়া মহকুমাৰ অন্তৰ্গত বানাক্ৰান্ত খেতিয়কক তৎকালীন ভাবে পৰ্যাপ্ত পৰিমানে শালিধানৰ কঠিয়া  যোগান ধৰাৰ বাবে দাবী উত্থাপন কৰে। আনহাতে সংগঠনটোৰ তৰফৰ পৰা ৰঙিয়া মহকুমাত বানত ক্ষতিগ্ৰস্ত লোকে পাবলগীয়া ক্ষতিপুৰণৰ ধন মুকলি কৰাৰ ক্ষেত্ৰত তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।