অসম

অখিল গগৈসহ সকলো কাৰাবন্দীক বিনাচৰ্তে মুক্তি দাবীত ধেমাজিত কৃষক মুক্তিৰ অনশন…

asomiyapratidin

ডিজিটেল সংবাদ, ধেমাজিঃ জাতিধ্বংসী সংশোধনী নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। এইবাৰ ভোগৰ ভোগালী অসমীয়াৰ বাবে যেন বৰবিহ! যি সময়ত প্ৰায়বোৰ অসমীয়াই বাপতি সাহোন বিহুটি উলহ-মালহেৰে উদযাপনত ব্যস্ত, তাৰ পৰিৱৰ্তে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ-অনশন।

মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ধেমাজি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ২৪ ঘন্টীয়া অনশনত বহিছে ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীৰ লগতে কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ আৰু ছাত্ৰ নেতা বিতু সোণোৱালৰ মুক্তিৰ দাবী ধেমাজি জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।

অনশনস্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা প্ৰসন্ন বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বেনু দেৱ নাথ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰুদ্ৰ ভূঞাঁ উপস্থিত থাকি নাগৰিকত্ব আইনখন তীব্ৰ বিৰোধিতা কৰি এই আইনখনে অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন কৰিব আৰু অসমীয়া ভাষাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব বুলি মন্তব্য কৰে। লগতে প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া এই জাতীয় সংগ্ৰামখনক বিপথে নিবৰ বাবে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য কৰি আহিছে বুলি মন্তব্য কৰে ছাত্ৰ নেতা ৰুদ্ৰ ভূঞাঁই।