অসম

অখিল গগৈক মানসিক নিৰ্যাতন চলাইছে : কৃষক মুক্তি সংগ্ৰাম সমিতি…

asomiyapratidin

ডিজিটেল ডেস্ক : এছ আই নিযুক্তি কেলেংকাৰিৰ চিবিআই তদন্তৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ।এছ আই নিযুক্তি কেলেংকাৰিত বিজেপি জড়িত বুলি সংবাদমেল যোগে মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক' ডি শইকীয়াই ।আৰ এচ এচ আৰু সোণোৱাল চৰকাৰৰ গৃহ বিভাগ এছ আই নিযুক্তি কেলেংকাৰি জড়িত আছে বুলি ব্যক্ত কৰে শইকীয়াই । এছ আই কেলেংকাৰিৰ অভিকেন্দ্র হেঙেৰাবাৰী, কেশৱ ধাম, দিছপুৰ বুলি কৃষক মুক্তিৰ নেতা ভাস্ক' ডি শইকীয়াৰ এই অভিযোগ ।


পিএনআৰডি, এপিডিচিএল, জলসিঞ্চন, ডিপিআৰ কেলেংকাৰিতো জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে দিবন ডেকাৰ দৰে এই কেলেংকাৰিত প্রাঞ্জল বৰুৱাও জড়িত, প্রদীপ কুমাৰ দাসো ধোঁৱা তুলসীৰ পাত নহয় বুলি ব্যক্ত শইকীয়াৰ ।মুখ্যমন্ত্রী সোণোৱালক এই কেলেংকাৰিৰ মূল খলনায়ক আখ্যা দি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে কয় "অখিল গগৈক জিএমচিএইচত মানসিক নিৰ্যাতন চলাইছে । মুখ্যমন্ত্রীক সমালোচনা কৰাৰ বাবে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে কৃষক নেতা গৰাতীয়ে ।


এছ আই নিযুক্তি কেলেংকাৰিৰ তদন্ত চিবিআইক দায়িত্ব নিদিলে উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশৰ জৰিয়তে তদন্ত কৰিব লাগে । মুখ্যমন্ত্রী সোণোৱালকো তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৃষক নেতা গৰাকীৰ । ৰূপম গোস্বামীক সমালোচনা কৰি ভাস্ক' ডি শইকীয়াই কয় ৰূপম গোস্বামী টেঙানিলৈ গৈ পোৱা নাই । কৃষক মুক্তিয়ে টেঙানিৰ জনজাতি পৰিয়ালক ভূমিপট্টা দিয়াইছে ।আন্দোলন কৰি কৃষক মুক্তিয়ে প্রতিটো পৰিয়ালক ভূমিপট্টা দিয়াইছে ।