অসম

লকডাউনৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে ৰাইজক উচিত ক্ষতিপূৰণ দিয়কঃ কৃষক মুক্তি

asomiyapratidin

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছে সমগ্ৰ দেশতে সন্ত্ৰাসৰ সৃষ্টি কৰিছে। কোৰোনা ভাইৰাছৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউন সকলো লোককে মানি চলাৰ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা একা বাৰ্তাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে, কোৰোনা ভাইৰাছে এক দুৰ্যোগৰ সৃষ্টি কৰিছে। এই দু্ৰ্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো লোকে সাৱধান হ'ব লাগিব।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লকডাউনৰ সময়ত যাতে কোনো লোকে খাদ্য সামগ্ৰীৰ নাটনিৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। কোৰোনা ভাইৰাছক লৈ বৰ্তমান সৃষ্টি হোৱা পৰিস্থিতিক চৰকাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। লগতে এইসময়ত প্ৰয়োজনীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে ৰাইজক উচিত ক্ষতিপূৰণ দিবলৈও আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।