অসম

১ ছেপ্টেম্বৰৰ পৰা অখিল গগৈৰ মুক্তিৰ বাবে কৃষক মুক্তিৰ প্ৰচাৰ অভিযান…

asomiyapratidin

ডিজিটেল ডেস্কঃ অহা ১ ছেপ্টেম্বৰ অৰ্থাৎ মঙলবাৰৰ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আৰম্ভ কৰিব এক প্ৰচাৰ অভিযান। যোৱা কেইবা মাহ ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ বাবে কৃষক মুক্তিয়ে আৰম্ভ কৰিব এই প্ৰচাৰ অভিযান। সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰে সংগঠনটোৱে।

বিজ্ঞপ্তিখনত লগতে কৃষক মুক্তিয়ে লিখিছে যে, অখিল গগৈৰ আইনী সাহায্য পুঁজিত জমা হৈছে ২২,২৫,১৪১ টকা। কে এম এছ এছয়ে সকলো আঞ্চলিক শক্তিকে ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়। সকলো জাতীয় সংগঠন, জনগোষ্ঠীয়-জনজাতীয় সংগঠন, আঞ্চলিক গণ মৰ্চা, অসম সংগ্ৰামী মঞ্চ, সংযুক্ত আঞ্চলিক দল, এল ডি পি, আপ ইত্যাদি এক হওঁক বুলি আহ্বান জনাই কৃষক মুক্তিয়ে।

লগতে কৃষক মুক্তিয়ে চাৰিটা নীতিৰ ভিত্তিত ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাইছে। সেই কেইটা ক্ৰমে- আঞ্চলিকতাবাদত বিশ্বাস, সকলো ধৰণৰ সাম্প্ৰদায়িকতাবাদৰ বিৰোধিতা, ফেডাৰেলিজিম বা যুক্তৰাষ্ট্ৰবাদত বিশ্বাস, থলুৱাৰ নেতৃত্বত সকলোকে সামৰি লোৱা ইনক্লুছিভ (Inclusive) জাতীয়তাবাদ।

যোৱা ২৬৩দিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা গৰাকীক। ভুৱা গোচৰত বন্দী কৰি ৰখা অখিল গগগৈৰ মুক্তিৰ আহ্বানেৰে অসমৰ প্ৰতিটো পৰিয়ালক এখন প্ৰচাৰ পত্ৰ দি এই অবৈধ, অন্যায় আৰু অনৈতিক গ্ৰেপ্তাৰক বিৰোধিতা কৰিবলৈ বিবৃতিযোগে আহ্বান জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।