অসম

বটদ্ৰৱা আৰক্ষীৰ জালত অপহৰণকাৰী নাছিৰ উদ্দিন…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ এগৰাকী নাবালিকাক প্ৰলোভনেৰে পলুৱাই লৈ গৈ পলাতক হৈ থকা নাছিৰ উদ্দিন নামৰ এটা লম্পটটো পৰিল বটদ্ৰৱা আৰক্ষীৰ জালত।ঘটনাৰ বিৱৰণী মতে, নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বাটমাৰী গাঁৱৰ এগৰাকী নাবালিকাক জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নাগাবন্ধা গাঁৱৰ নাছিৰ উদ্দিন নামৰ এজন বিবাহিত লোকে বিভিন্ন চলাহী কথাৰে প্ৰলোভন দি পলুৱাই লৈ গৈছিল।

১৩ ছেপ্তেম্বৰতে নাবালিকা গৰাকীক পলুৱাই নি নাছিৰ উদ্দিন পলাতক হৈ আছিল। পাছত নাবালিকা গৰাকীৰ পিতৃয়ে বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ নাোপোৱাত যোৱা ১৭ ছেপ্টেম্বৰত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ ভিত্তিত বটদ্ৰৱা আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰি দেওবাৰে নিশা নাবালিকা গৰাকীক উদ্ধাৰ কৰাৰ লগতে লম্পট নাছিৰ উদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। সোমবাৰে লম্পট নাছিৰ উদ্দিনক জে'ল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।