অসম

মঙলদৈত কলা সংস্কৃতিৰ অসমীয়া ৱেবছাইট ‘খিড়িকী’ৰ উন্মোচন

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈঃ কোৰোনা ভাইৰাছৰ ভয়াবহতাৰ মাজতো 'খিড়িকী'য়ে কঢ়িয়াই আনিছে সুখবৰ । মঙলদৈত বুধবাৰে এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ কলা, সাহিত্য সংস্কৃতি তথা কৃষি বিষয়ক তথ্যৰে সমৃদ্ধ এটা ৱেবছাইট মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে তেখেতৰ নিজা বাসভৱনত উন্মোচন কৰে। www.khiriki.com নামৰ ৱেবচাইটটো মুকলি কৰি তেখেতে ইয়াত উপলব্ধ নানান গল্প, কবিতা, ভ্ৰমণ কাহিনী, অসমৰ বিভিন্ন পৰ্যটন স্থলী ইত্যাদিৰ তথ্য, কৃষি বিষয়ক বিভিন্ন লিখনি ইত্যাদিয়ে কৃষক সমাজৰ লগতে ৰাইজক উপকৃত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে ।

ভিডিঅ' কণফাৰেঞ্চৰ দ্বাৰা আয়োজিত সভাখনত উপস্থিত থকা অসমীয়া আৰু হিন্দী বোলছবিৰ অভিনেতা তথা নাট্যকৰ্মী পবিত্ৰ ৰাভা, সত্ৰীয়া নৃত্যৰ বিশাৰদ, বিহুসম্ৰাজ্ঞী তথা ৰাজ্যিক চলচিত্ৰৰ শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা বিজয়ী ৰূপশিখা শালৈ, অসমীয়া আৰু বলীউডৰ বোলছবিৰ অভিনেতা মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰেও 'খিড়িকী'য়ে অসমৰ ডিজিটেল সাহিত্যৰ পাঠকসকললৈ এক নতুন সোৱাদ আগবঢ়াবলৈ সক্ষম হ'ব বুলি মত প্ৰকাশ কৰে।

উক্ত উন্মোচনী সভাখনত আৰু উপস্থিত থাকে, খিড়িকী ডট কমৰ নিৰ্মাতা প্ৰণবেশ বৰ্মন, কৃষি বিজ্ঞান কেন্দ্ৰ, দৰং জিলাৰ পাম পৰিচালক হেঙুল জ্যোতি শালৈ, সমাজকৰ্মী তথা ৰক্তদাতা শেখৰ মজুমদাৰ, চফ্টৱেৰ ইঞ্জিনিয়াৰি প্ৰাণজিৎ বৰুৱা আৰু ভালেকেইজন গণ্য-মান্য ব্যক্তি।