অসম

খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ চতুর্থ বহুভাষিক অভিধানৰ কৰ্মশালাৰ সফল সামৰণি…

asomiyapratidin

ডিজিটেল সংবাদ,নাৰায়ণপুৰঃ বিগত ৩ জানুৱাৰী, ২০২১ তাৰিখৰ পৰা ৫ জানুৱাৰী ২০২১ তাৰিখলৈ তিনি দিনীয়া কাৰ্যসূচীৰে দেউৰী সাহিত্য সভাৰ সৌজন্যত আৰু দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ সহযোগিতাত খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমৰ মুঠ এঘাৰটা ভাষাৰ বহুভাষিক অভিধান প্ৰণয়নৰ তিনি দিনীয়া কৰ্মশালাৰ মঙলবাৰে আবেলি ৫ বজাত সফল সামৰণি কৰা হয়৷

উল্লেখযোগ্য যে, খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসমে যোৱা ২০১৯ চনৰ জুন মাহৰ পৰা অসমৰ আঠটাকৈ খিলঞ্জীয়া জনজাতীয় ভাষাৰ এক বহুভাষিক অভিধান প্ৰণয়নৰ কাম আৰম্ভ কৰা হৈছিল। প্রথম কৰ্মশালা গুৱাহাটীস্থ বড়ো সাহিত্য সভাৰ সাংস্কৃতিক প্ৰকল্পৰ কাৰ্যালয়ত শব্দ বাচনি কৰ্মশালা অনুষ্ঠিত কৰা হৈছিল।

ইয়াৰ পিছত কোকৰাঝাৰস্থিত চি আই টি ত দ্বিতীয় কৰ্মশালা অনুষ্ঠিত কৰি প্রথম ইংৰাজী মূল শব্দ লৈ- বড়ো, ডিমাছা, দেউৰী, গাৰো, কাৰ্বি, মিচিং, ৰাভা আৰু তিৱা ভাষাৰ শব্দ লেখাৰ বাবে ৭ দিনীয়া কৰ্মশালা বি টি চি ৰ আৰ্থিক অনুদানেৰে অনুষ্ঠিত কৰা হয়। অন্যহাতে ২০১৯ চনৰ আগষ্ট মাহত গোৱালপাৰা জিলাৰ দুধনৈস্থিত নিখিল ৰাভা সাহিত্য সভা আৰু অসম গাৰো সাহিত্য সভাৰ সৌজন্যত চাৰি দিনীয়া কাৰ্যসূচীৰে তৃতীয়টো কৰ্মশালা অনুষ্ঠিত কৰি শব্দ লেখা কাম প্ৰায় সম্পূর্ণ কৰা হয়৷

কৰোনা মহামাৰী আৰু বিভিন্ন সাহিত্য সভা সমূহৰ বাৰ্ষিক অধিবেশন সমূহৰ বাবে কেইবাটাও মাহ কৰ্মশালা স্থগিত ৰখা হৈছিল। ২০২০চনৰ মাৰ্চ মাহৰপৰা সম্পূর্ণ কৰোনা মহামাৰীৰ বাবে সকলোবোৰ কাৰ্যসূচী বাতিল কৰা হৈছিল।
উল্লেখ্য যে ইংৰাজী নৱবৰ্ষৰ পৰাই পুনৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এইবাৰ এই কৰ্মশালা দেউৰী সাহিত্য সভাৰ সৌজন্যত আৰু দেউৰী স্বায়ত্বশাসিত পৰিষদৰ সহযোগিতাত দেউৰী স্বায়ত্বশাসিত পৰিষদৰ অতিথিশালাত অনুষ্ঠিত কৰা হৈছে। এই কৰ্মশালাত আঠটা বৰ্ণৰ বানান শুদ্বিকৰণ – প্ৰুফ ৰিডিং আৰু পুণৰীক্ষণৰ কাম কৰা হয়।
মঙলবাৰে দেউৰী সাহিত্য সভাৰ সৌজন্যত দেউৰী পৰম্পৰাগত খাদ্য আৰু পনীয়ৰ দ্বাৰা আপ্যায়ন কৰাৰ লগতে আবেলি ৫-০০ বজাত দেউৰী সাংস্কৃতিক নৃত্য-গীত প্ৰদৰ্শন কৰা হয়।বৃহস্পতিবাৰৰ পৰা ৯ জানুৱাৰীলৈ মিচিং সাহিত্য সভাৰ সৌজন্যত পঞ্চম কৰ্মশালা গোগামুখস্থিত দীৰ্পাই ইকো কেম্পত তিনি দিনীয়াকৈ অনুষ্ঠিত কৰা হব।