অসম

ক্ষেত্ৰীত গাড়ী চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ মহানগৰীৰ ক্ষেত্ৰী থানাৰ আৰক্ষীয়ে দেওবাৰে নিশা গাড়ী চোৰক উদেশ্যি গুলীচালনা কৰে। আৰক্ষী সূত্ৰে সদৰী কৰা মতে, বৰ্ণিহাটৰ পৰা দিল্লীলৈ যাবলগীয়া চাহপাত ভৰ্তি এইছআৰ-৪৬-ডি-২৬৪৪ নম্বৰৰ ট্ৰাকখন যোৰাবাটৰ পৰা চালকৰ অজ্ঞাতে চোৰে চুৰি কৰি জাগীৰোড অভিমুখে লৈ যায়।

উল্লেখ্য যে, ট্ৰাকখনৰ চালক হেণ্ডিমেনে এখন হোটেলত ভাত খাবলৈ সোমাওতে চোৰে ট্ৰাকখন চুৰি কৰিছিল। এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ লগে লগে টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ থকা নাকা চেকিঙত উল্লেখিত ট্ৰাকখন দেখি ৰখাব বিচাৰোতে চোৰৰ দলটোৱে ট্ৰাকখন ঘূৰাই পুনৰ মহানগৰ অভিমুখে উভটাই নি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৪-৫কিলোমিটাৰ ভিতৰৰ দুৰুঙৰ দিশে লৈ যায়।

আৰক্ষীয়ে পিছে পিছে খেদি নিয়ে। আৰক্ষীক দেখি গাড়ী এৰি পলায়ন কৰে চোৰৰ দলটো। চোৰৰ দলৰ পিছে পিছে আৰক্ষীয়ে খেদি যায়। চোৰলৈ বুলি লক্ষ্য কৰি আৰক্ষীয়ে ছয় জাঁই গুলী চলায় যদিও আন্ধাৰৰ সুযোগ লৈ চোৰে পলায়ন কৰে। সম্প্ৰতি চোৰক ধৰাৰ বাবে আৰক্ষীয়ে অভিযান চলাই আছে।