অসম

ক্ষেত্ৰীৰ ধোপগুৰিত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

asomiyapratidin

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ধোপগুৰিত পথ দুৰ্ঘটনা। শনিবাৰে পুৱতি নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত চল্লিছ উৰ্দ্ধৰ এজন লোক। খোজকাঢ়ি আহি থকা লোকজনক ছোটাহাথী (মেক্সিমো) নামৰ সামগ্ৰী কঢ়িওৱা বাহনখনে খুন্দিওৱাৰ ফলত তেওঁ নিহত হয়।

বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই মৃত লোকজনক। দুৰ্ঘটনা সংঘটিত কৰি বাহন এৰি পলায়ন চালকৰ।ক্ষেত্ৰী আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্হা গ্ৰহণ কৰিছে।