অসম

ক্ষেত্ৰীত মহিলাৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য, VIDEO

asomiyapratidin

ডিজিটেল সংবাদ, ক্ষেত্ৰীঃ মহানগৰীৰ ক্ষেত্ৰী থানাৰ অধীনৰ হেলোগোগত পুৱাতে চাঞ্চল্য। এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ পুৱাই এই চাঞ্চল্য। হেলাগোগৰ ধীৰেণ ঠাকুৰীয়াৰ পত্নী কৰবী ঠাকুৰীয়া সোমবাৰৰ আবেলিৰ পৰা নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে মহিলা গৰাকীৰ সন্ধানত আত্মীয় কটুমৰ ঘৰত বিচাৰ কৰিও পোৱা নাছিল যদিও মঙলবাৰে পুৱা বিচাৰ খোচাৰ কৰি ঘৰৰ ওচৰৰে পাহাৰৰ এটা পৰিত্যক্ত কুঁৱাত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহ।

পৰিয়ালৰ সন্দেহ কোনো লোকে মহিলা গৰাকীক হত্যা কৰি হাবি-জংঘলৰে আবৰি থকা কুঁৱাটোৰ ভিতৰত পেলাই দিয়ে তেওঁক।

সম্প্ৰতি আৰক্ষীয়ে বুষয়টো তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, মহিলা গৰাকীৰ মুখ মণ্ডলত আঘাটৰ চিন থকাৰ লগতে কাপোৰৰে ডিঙি আৰু হাতত বন্ধাৰ অৱস্হাত আছে।