অসম

খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ সমবায় সমিতিসমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ খেৰকটা সমবায় সমিতি লিমিটেডৰ ২০২২-২০২৩ বর্ষৰ খচৰা ভোটাৰ তালিকা বৃহস্পতি বাৰে প্ৰকাশ কৰা হৈছে।

খেৰকটা সমবায় সমিতি লিমিটেডৰ সভাপতি দ্বীপেন দলে আৰু সম্পাদক ৰাজীৱ দলেয়ে জনোৱা মতে সমবায় সমিতিৰ কাৰ্য্যালয়ৰ লগতে পঞ্চায়তখনৰ  বিভিন্ন ৰাজহুৱা স্থানত সমবায় সমিতিখনৰ খচৰা ভোটাৰ তালিকা অংশীদাৰী সকলৰ পৰিদর্শন আৰু পৰ্যবেশনৰ বাবে আঁৰি দিয়া হৈছে ।

সদ্য প্ৰকাশিত এই খচৰা ভোটাৰ তালিকা সন্দৰ্ভত কোনো অংশীদাৰৰ কিবা ওজৰ আপত্তি থাকিলে ২ ফেব্ৰুৱাৰীৰ পৰা ১১ফেব্ৰুৱাৰীৰ ভিতৰত সমিতিৰ কাৰ্যালয়ত কৰ্ম দিনৰ কৰ্ম সময়ৰ ভিতৰত সভাপতি আৰু সম্পাদকৰ ওচৰত ওজৰ আপত্তি দাখিল কৰিবলৈ আহ্বান জনাইছে সভাপতি আৰু সম্পাদকে। ইয়াৰ অন্যথাই পৰৱৰ্তী সময়ত এই খচৰা ভোটাৰ তালিকাকে সমিতিখনৰ চূড়ান্ত ভোটাৰ তালিকা হিচাবে গণ্য কৰা হ'ব বুলি জানিবলৈ দিয়ে কৰ্তৃপক্ষই।