অসম

ঘগ্ৰাপাৰত তৃতীয় ‘খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া, ২০২০’ সন্দৰ্ভত সজাগতা সভা

asomiyapratidin

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত সোমবাৰে পুৱা তৃতীয় 'খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া, ২০২০' সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাখনৰ শুভাৰম্ভ কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। উপায়ুক্তগৰাকীয়ে এই সজাগতা সভাখন মুকলি কৰি ভাষণত কয় যে ছাত্ৰ-ছাত্ৰীসকলে খেলৰ জৰিয়তে শিক্ষা ল'ব লাগে। বিদ্যালয়ত পঢ়া-শুনা কৰাৰ উপৰিও বেছি সময় খেলৰ কাৰণে থাকিব লাগে, তেতিয়াহে এজন ছাত্ৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ এজন সুনাগৰিক হব পাৰিব মন্তব্য কৰে উপায়ুক্তগৰাকীয়ে।

উপায়ুক্ত চৌধুৰীয়ে লগতে কয় যে অসমৰ ভিতৰত নলবাৰীৰ পৰাই প্ৰথম খেলো ইণ্ডিয়াক লৈ শিখা সমদলৰ শুভাৰম্ভ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই আঁচনিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ-সৱল কৰি গঢ়ি তোলাত অধিক গুৰুত্ব প্ৰদান কৰা বুলিও মন্তব্য কৰে চৌধুৰীয়ে।

সজাগতা সভাখনত নলবাৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশী, নলবাৰীৰ মহকুমা ক্ৰীড়া বিষয়া বিষ্ণু কলিতা, ঘগ্ৰাপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিভূসেন ডেকা, ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, সাংবাদিক বীৰেণ কলিতা, তপন দাস, দ্বিজেন ডেকা, ঘগ্ৰাপাৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।