অসম

ধুবুৰীৰ ‘খেলিমেলি’য়ে এন আৰ চিত লগাইছে খেলিমেলি

asomiyapratidin

ডিজিটেল সংবাদ, ধুবুৰীঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণত খেলিমেলি লগাইছে 'খেলিমেলি'য়ে। ধুবুৰীৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত মাজেৰ আলগা ১৪খণ্ডৰ গাঁৱত বাস কৰা এজন সন্দেহযুক্ত নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৱা ২০ বছৰে গাঁওখনত বাস কৰি অহা লোকজনৰ নাম ছাহজাহান মিঞা। উক্ত গাঁৱৰে মানোৱাৰ খাতুন নামৰ এগৰাকী মহিলাক বিয়া কৰাই শ্ৰমিক হিচাপে জীৱন নিৰ্বাহ কৰা ছাহজাহানৰ নাগৰিকত্বক লৈ স্থানীয় অঞ্চলবাসীয়ে পূৰ্বৰে পৰা সন্দেহ কৰি আহিছিল।

একাংশ লোকৰ অভিযোগ- বাংলাদেশৰ পৰা অসমত আহি প্ৰৱেশ কৰা ছাহজাহানে এন আৰ চিত বেলেগৰ লিগেচী ডাটা ব্যৱহাৰ কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১৬ আগষ্টত সোধপোছ কৰিছিল লোকজনক।

বন্দিহানা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বলবদ্ধ পাটগিৰিৰ আগত ছাহজাহানে তেওঁৰ পিতৃৰ নাম ৰিয়াজুদ্দিন বুলি উল্লেখ কৰিছে যদিও, অঞ্চলবাসীয়ে চিনিপোৱা ৰিয়াজুদ্দিনৰ সন্তান তেওঁ নহয় বুলি অভিযোগ কৰিছে।

ৰাইজৰ দাবী, ছাহজাহান মিঞা এজন অবৈধ বাংলাদেশী নাগৰিক। এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত এনে বহু খেলিমেলিৰ তথ্য পোহৰলৈ আহিছে। লক্ষণীয় যে, শ্ৰমিকৰূপে কাম কৰা ছাহজাহান মিঞাৰ কৰ্ম-কাণ্ডৰ বাবে অঞ্চলটোত 'খেলিমেলি' নামেৰে পৰিচিত। এতিয়া এইজন 'খেলিমেলি'ৰ বাবেই ধুবুৰীৰ বন্দিহানাত এন আৰ চিত খেলিমেলি হোৱা বুলি ব্যাপক চৰ্চা কৰিছে।