অসম

২ বছৰৰ পূৰ্বেই ব্যক্তিগত খণ্ডলৈ অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড...

Asomiya Pratidin

ডিজিটেল ডেস্ক: শেহতীয়া কৈ চৰ্চা লৈ আহিছে "অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড"। বিলুপ্তি ঘটিব অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড। সদ্যসমাপ্তি বাজেটত খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ প্ৰসংগ উত্থাপিত হোৱাৰ লগে লগে চৰ্চা লৈ আহিছে ব'ৰ্ড খনৰ কথা। বণিক গোষ্ঠীক গতাই দিয়া হ'ব ৰাজ্যৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড। এই কথা প্ৰকাশ পোৱাৰ লগে লগে সম্প্ৰতি আলোচিত হৈছে ব'ৰ্ড খনৰ বিষয়ে।

"অসম খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ড"ৰ সন্দৰ্ভত ৰাজ্যিক বাজেটত পোহৰলৈ আহিল উদ্বেগজনক তথ্য। লোকচানৰ দোহাই দি ব'ৰ্ড খন বন্ধ কৰি হস্ত তাঁত বস্ত্ৰ বিভাগৰ সৈতে সংযোগ কৰি এটা শাখা হিচাপে ৰখাৰ প্ৰস্তাৱ দিয়ে বাজেটত। পিছে উদ্বেগজনক কথাটো হ'ল যে, ২ বছৰৰ পূৰ্বেই ব্যক্তিগত খণ্ডক গতাই দিয়া হৈছিল ব'ৰ্ড খনৰ ভূমি। ২ বছৰৰ পূৰ্বেই ১৫ বছৰৰ বাবে "স্বাস্তিক এগ্ৰ' প্ৰডাক্ট" নামৰ এটা বণিক গোষ্ঠীক গতাই দিয়াৰ তথ্য প্ৰকাশ পোৱা ঘটনাই বাৰুকৈয়ে জোকাৰিছে সচেতন মহলক।

আনহাতে ব'ৰ্ডত ১৯৮৮ চনৰ পৰাই হোৱা নাই কোনো নতুন নিযুক্তি। ব'ৰ্ডৰ অনুমোদিত ৮৭০ গৰাকী কৰ্মচাৰীৰ বিপৰীতে ২০২ কৰ্মচাৰীয়েহে বৰ্তমান কাম থকাৰ তথ্য পোহৰলৈ আহে। আৰু এই কৰ্মচাৰীৰ দৰমহা বাবদ ব'ৰ্ডখনৰ ব্যয় হয় ১৪ কোটি টকা। ইয়াৰ বিপৰীতে ব'ৰ্ডখনে বছৰি উৎপাদন কৰে ১ কোটি টকাৰ সামগ্ৰী; যাৰ বাবে চৰকাৰে ব্যক্তিগত খণ্ডক ব'ৰ্ডখন গতাই দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়।

আকৌ ২০২১ চনতেই লিজত লোৱা বহিৰাগত কোম্পানীটোয়ে ইতিমধ্যেই আৰম্ভ কৰিছে উৎপাদনৰ কাম। ব'ৰ্ড খনৰ নামত ৰাজ্যৰ বিভিন্ন স্থানত আছে শ শ বিঘা ভূমি। যাৰ মূল্যহীন কৰি চৰকাৰে এতিয়া বণিক গোষ্ঠীক গতাই দিবলৈ লোৱা কাৰ্যত প্ৰশ্ন উত্থাপন হৈছে যে, ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে এইদৰেই সা-সম্পত্তি ব্যক্তিগত খণ্ডক গতাই যাব নেকি?