অসম

নাৰায়ণপুৰত কেওট জাতীয় পৰিষদৰ লখিমপুৰ জিলা অধিৱেশন…

asomiyapratidin

ডিজিটেল সংবাদ, নাৰায়ণপুৰ : সদৌ অসম কেওট জাতীয় পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অধিৱেশন খন দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে নাৰায়ণপুৰত অনুস্থিত হৈ যায় । নাৰায়ণপুৰ নগৰৰ শক্ৰাহীস্থিত উদীয়মান যুৱক সংঘৰ প্ৰেক্ষাগৃহত অনুস্থিত হোৱা অধিৱেশন খনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পৰিবেশ নিকাকৰণৰ পিছতে গছপুলি ৰোপণ কৰে বয়োজ্যেষ্ঠ ব্যক্তি খৰ্গেশ্বৰ ভূঞাই আৰু পতাকা উত্তোলন কৰে লখিমপুৰ জিলা কেওট জাতীয় পৰিষদৰ সভাপতি বিৰেন বৰাই ।

পুৱা ১০ বজাৰ পৰা অনুস্থিত হোৱা প্ৰতিনিধি সভাখন উদ্বোধন কৰে পৰিষদৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি দিন হাজৰিকাই । বিয়লি ১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় । লখিমপুৰ জিলা কেওট জাতীয় পৰিষদৰ সভাপতি বিৰেন বৰাৰ সভাপতিত্বত অনুস্থিত হোৱা মুকলি সভাখন উদ্বোধন কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিস্থাপক সাধাৰণ সম্পাদক দিব্যজ্যোতি ভূঞাই । লখিমপুৰ জিলা কেওট জাতীয় পৰিষদৰ সম্পাদক ভৱানী ভূঞাই আঁতধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে লখিমপুৰ জিলা কেওট জাতীয় পৰিষদৰ উপ-সভাপতি কমল বৰা আৰু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি বিপুল কুমাৰ গায়নে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে।

ইয়াৰ উপৰি কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিৰণ্য দত্ত,লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা বেঠাৰাম বৰা,নাৰায়ণপুৰ নগৰ সমিতিৰ প্ৰাক্তন সভাপতি হৰিশ চন্দক,অসম জতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অচ্যুত শইকীয়া,অৱসৰপ্ৰাপ্ত অধ্যক্ষ খগেন্দ্ৰ নাথ বৰা,বৰবালি গাঁও পঞ্চায়তৰ সভাপতি ভাস্কৰ হাজৰিকা,ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক অনুপজ্যোতি শইকীয়া, বিজেপিৰ লখিমপুৰ জিলা কৃষাণ মৰ্চাৰ সভাপতি প্ৰমেন ভূঞা আৰু নাৰায়ণপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডি এন চক্ৰৱৰ্তীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।